COVID-19 : ক’ভিড আপডেট

1291904 covid test new pti

দেশজুৰি তিনি দিন কৰ’না আক্রান্তৰ সংখ্যা চাৰি হেজাৰৰ ঘৰত থাকিলেও বিগত ২৪ ঘন্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা বাঢ়ি পাঁচ হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৫,৪৪৩ । বুধবাৰে এই সংখ্যা আছিল ৪,৫১০ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত আছে কেৰালা । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক সংক্রমিতৰ সংখ্যা বাঢ়ি দুহেজাৰ অতিক্ৰম কৰিছে । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ২,০৮৮ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৬৪০), তামিলনাডু (৫০৯), কর্নাটক (৩৯০) আৰু পশ্চিমবংগ (৩৬৫)‌ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হৈ ১৪ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত মহাৰাষ্ট্রত পাঁচজন আৰু তামিলনাডু, পশ্চিমবংগ, উত্তৰ প্রদেশ, ছত্তীছগঢ়, হাৰিয়ানা, উত্তৰাখণ্ড, মিজোৰাম, পুদুচেৰী আৰু কেৰালাত এজনকৈ লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।‌

তদুপৰি কৰ’নাত আক্রান্ত হৈ কেৰালাত ১২ জনৰ আগতেই মৃত্যু হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । বুধবাৰে এই সংখ্যা আছিল ১৪ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৮১০ জন লোকে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ সামান্য বাঢ়ি হ’ল ১.৬১ শতাংশ । বুধবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১.৩৭ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৫,২৯১ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৯ লাখ ৭৮ হেজাৰ ২৭১ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৭১ শতাংশ ।

Exit mobile version