Crypto Currency : চাহ বিক্রী কৰি টকাৰ পৰিৱৰ্তে লয় ক্ৰিপ্ত’ ! ব্যৱসায়ৰ নতুন কৌশলৰে দৃষ্টি কাঢ়িছে বেংগালুৰুৰ যুৱকে

WhatsApp Image 2022 09 22 at 18.36.09

Crypto Currency : পথৰ কাষত দোকানত চাহ খাবলৈ গ’ল । চাহ খালে । তাৰ পাছত পকেটৰ পৰা টকা উলিয়াই দিবলৈ ল‌ওঁতেই, দোকানীয়ে আপোনাক ক’লে, ‘দাদা, চাহৰ প‌ইচা কিন্তু ক্রিপ্টোতহে ল’ম ।’ শুনি আচৰিত হ’ব । কি কয়, চাহো ক্রিপ্টোত ? ছয় টকা, ১০ বা ২০ টকাতে পোৱা চাহৰ বাবে আকৌ ডিজিটেল মুদ্রা !

কেতিয়াবা ভাবিছেনে, চাহ খোৱাৰ পাছত আপুনি ক্রিপ্টোত প‌ইচা দিছেনে ? দেশৰ ক’তো এনে ব্যৱস্থা এতিয়াও আৰম্ভ হোৱা নাই, কিন্তু বেংগালুৰুৰ এজন যুৱকে এই পদক্ষেপ লৈছে । নাম দিছে ‘ফ্রাষ্টেটেড ড্রপআউট’ । সৈনিৰ দাবী, প্রতি সপ্তাহত গড়ে প্ৰায় ২০ জন নতুন গ্রাহক তেওঁৰ দোকানত আহে, চাহ খায় আৰু বিটক‌ইনত মূল্য পৰিশোধ কৰে ।

২০২০ত ৩০ হেজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰিছিল শুভমে । কামৰ সন্ধানত বেংগালুৰুত অহাৰ পাছত ক্রিপ্ট’ৰ জগতত পৰিচয় হয় শুভমৰ । সৰু-সুৰা কাম কৰি তেওঁ যি টকা আয় কৰিছিল, সম্পূৰ্ণ ক্রিপ্ট’ত বিনিয়োগ কৰিছে । লগতে বিচিএ লৈ পঢ়া-শুনাও কৰিছিল । কিন্তু সেই শিক্ষা সমাপ্ত নকৰাকৈয়ে সম্পূৰ্ণ ক্রিপ্ট’ৰ ব্যৱসায়ত জড়িত হৈ পৰে ।

ডেৰ লাখ টকা বিনিয়োগ কৰি তেওঁৰ ক্রিপ্ট’ ৱালেটত ৩০ লাখ টকা সঞ্চয় কৰে । কিন্তু ২০২১ত ক্রিপ্ট’ৰ বজাৰত পতন ঘটাত শুভমৰ সঞ্চয় এক লাখ টকা হৈ যায় । শুভমৰ দাবী, তাৰ পাছতেই নিজৰ ব্যয় চলাবৰ বাবে সঞ্চয়ৰ ৩০ হেজাৰ টকাৰে চাহৰ ব্যৱসায়ত নামে । টকাৰ লগতে, বিটক‌ইনৰ মাধ্যমতো চাহৰ মূল্য পৰিশোধ কৰে শুভমে ।

Exit mobile version