Flights : উৰন্ত বিমানৰ পৰা ছিটিকি পৰিল জুইৰ শিখা, জ্বলন্ত টুকুৰা ! ভিডিঅ’ ভাইৰেল সামাজিক মাধ্যমত

WhatsApp Image 2022 09 22 at 20.02.52

Flights : বিমানবন্দৰৰ পৰা বিমানে আকাশত উৰন আৰম্ভ কৰাৰ লগে লগেই ছিটিকি পৰিল জুইৰ শিখা । বিমানৰ কিছু জ্বলন্ত টুকুৰাও ছিটিকি পৰে তলত । ভিডিঅ দেখি থৰ লাগিছে অনেকেই ।

সম্প্ৰতি সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হৈছে । তথ্য অনুসৰি, ভিডিঅ’টো আমেৰিকাৰ এখন বিমানৰ । আমেৰিকাৰ নেৱার্ক বিমানবন্দৰৰ পৰা ব্রাজিলৰ ছাও পাওলো উদ্দেশ্যি ৰাওনা হৈছিল বিমানখন ।

কিন্তু, টেক অৱ কৰাৰ কিছু সময়ৰ ভিতৰতে বিমানখনৰ পৰা জুইৰ শিখা ছিটিকি পৰে । তলৰ পৰাই কোনো কোনোৱে সেই দৃশ্য কেমেৰাত বন্দী কৰে । সামাজিক মাধ্যমত ভিডিঅ’টো নিশাৰ ভিতৰতে ভাইৰেল হৈ যায় ।

ভিডিঅ’টোক সম্প্ৰতি সমগ্ৰ চর্চিত হৈছে । অনেকেই বিমানৰ নির্মাতা সংস্থাৰ বিৰুদ্ধে আঙুলি তুৱাইছে । তেওঁলোকৰ দাবী, পুৰণি বিমান উৰোৱাৰ ফলতেই এই ধৰণৰ ঘটনা সংঘটিত হৈছে ।

https://twitter.com/DEFCONNEWSTV/status/1572878236350296066?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1572878236350296066%7Ctwgr%5E9e8a5a1a4bdf7d917a09272280b7725043749c1b%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fviral-video-of-sparks-from-united-airlines-flight-soon-after-take-off-dgtl%2Fcid%2F1371902

 

শীঘ্ৰে বিমানবোৰৰ সংস্কাৰৰ  প্রয়োজন । কোনো কোনোৱে আকৌ কয়, নির্ঘাত এই বিমানখন উৰাৰ সময়ত যাত্রীসকলৰ মাজৰ কোনোৱে ম’বাইল বন্ধ কৰা নাই । সেয়ে এনে হৈছে ।

যদিও কি কাৰণত বিমানৰ পৰা এনেদৰে জুইৰ শিখা ওলাল, সেয়া সঠিকভাৱে জানিব পৰা হোৱা নাই । বিমানখন টেক অৱ কৰাৰ ডেৰ ঘণ্টা পাছত পুনৰ নেৱার্ক বিমানবন্দৰতেই উভতি আহে ।

তথ্য অনুসৰি, বিমানখন আছিল ইউনাইটেড এয়াৰলাইন্সৰ বোয়িং ৭৭৭-২০০ইআৰ । বোয়িং ৭৩৭ মেক্স মডেলৰ কে’বাখনো বিমান ক্ৰয় কৰিছে ইউনাইটেড এয়াৰলাইন্সে । ২০২৩ৰ ভিতৰতে সেইবোৰ উপলব্ধ হ’ব । তাৰ পূৰ্বে এই অঘটনে উদ্বেগ বঢ়াইছে সংস্থাৰ ।

Exit mobile version