NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

৭৫ টকাত অনলাইন চিনেমাৰ টিকটৰ বিশ অফাৰ

WhatsApp Image 2022 09 22 at 20.51.02

NATIONAL CINEMA DAY : কাইমাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই (এমআইএ) কাইলৈ উদযাপন কৰিব ৰাষ্ট্ৰীয় চিনেমা দিৱস । এই অনুষ্ঠানটো উদযাপন কৰিবলৈ, এম.এ.আই.-য়ে দেশৰ চাৰি হাজাৰ খন পৰ্দাত মাত্ৰ ৭৫ টকাৰ বিশেষ চিনেমাৰ টিকট আগবঢ়াইছে । ইয়াৰ আগতে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস ১৬ ছেপ্টেম্বৰত উদযাপন কৰাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ পিছুৱাই দিয়া হৈছিল।

উল্লেখ্য যে, নিয়মীয়া দিনবোৰত, যিকোনো চিনেমা হলত চিনেমাৰ টিকটৰ মূল্য ৩০০ৰ পৰা ৫০০ টকাৰ ভিতৰত হয়। আৰু যদি প্ৰিমিয়াম আৰু ৰিক্লিনাৰ চিট বাছনি কৰে তেন্তে সেই মূল্য হয় ১৫০০ টকা। কিন্তু চিনেমা দিৱসৰ বাবে চিনেমা এখনৰ টিকট ৭৫ টকা হোৱাত চলচ্চিত্ৰ প্ৰেমী সকল উৎসাহিত হৈ পৰিছে ৷

এম.এ.আই.-য়ে অফিচিয়েল টুইটাৰ হেণ্ডেলত এই বিশেষ ৰেহাইৰ বিষয়ে পোষ্ট কৰি লিখিছিল, “ভাৰতীয় মাল্টিপ্লেক্স এছ’চিয়েচন (এম.এ.আই.) আৰু সমগ্ৰ ভাৰতৰ চিনেমাগৃহ সমূহে ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষে ৭৫ টকাৰ উদযাপনমূলক মূল্যৰ বিনিময়ত চলচ্চিত্ৰ প্ৰেমী সকলক আমন্ত্ৰণ জনোৱাত সকলো আপ্লুত হৈছে৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস আগতে ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হৈছিল। অৱশ্যে বিভিন্ন ‘অংশীদাৰ’ৰ অনুৰোধত আৰু সৰ্বাধিক অংশগ্ৰহণৰ বাবে, এতিয়া ইয়াক ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব।”

পিভিআৰ, আইএনঅ’এক্স, চিনেপলিছ, কাৰ্নিভাল, মিৰাজ, চিটিপ্ৰাইড, এছিয়া, মুক্তা এ2, মুভি টাইম, ৱেভ, এম2কে আৰু ডেলাইটকে ধৰি মাল্টিপ্লেক্স
বোৰে উদযাপনত যোগদান কৰিছে আৰু বৰ্তমান ৭৫ টকাত চলি থকা চলচ্চিত্ৰৰ বাবে চলচ্চিত্ৰৰ টিকট আগবঢ়াইছে।

Exit mobile version