US PRESIDENT : ৰাষ্ট্ৰপতি জ’ বাইডেনে ভাৰতক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে সমৰ্থন কৰিছে : হোৱাইট হাউচৰ বিষয়া

WhatsApp Image 2022 09 22 at 18.33.19

US PRESIDENT : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ হোৱাইত হাউচৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়াই কয়, ৰাষ্ট্ৰপতি গৰাকীয়ে জাৰ্মানী, জাপান আৰু ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে সমৰ্থন কৰে । যিকোনো ধৰণৰ চৰ্তৰ ওপৰত বক্তব্য ৰাখি বিষয়াজনে কয় যে এই ক্ষেত্ৰত যথেষ্ট কাম কৰাৰ প্ৰয়োজন আছে ৷
জাৰ্মানী, জাপান আৰু ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ’ব লাগে বুলি আমি ঐতিহাসিকভাৱে আৰু এতিয়াও থিয় হৈ আছো,” এক প্ৰশ্নৰ উত্তৰত বিষয়াজনে কয় ।

ইয়াৰ পূৰ্বে বুধবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ভাষণত কৈছিল, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ আৰু সম্প্ৰসাৰণ প্ৰয়োজনীয়তা আহি পৰিছে ।
তেওঁ বিশ্বাস কৰে যে বিশ্বসংন্থটি অধিক অন্তৰ্ভুক্ত হোৱাৰ সময় আহি পৰিছে যাতে ই আজিৰ পৃথিৱীৰ প্ৰয়োজনীয়তাৰ প্ৰতি ভালদৰে সঁহাৰি দিব পাৰে । আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলে ৰাষ্ট্ৰসংঘৰ অখণ্ডতাত নিৰন্তৰভাৱে বজাই ৰাখিব লাগে আৰু বিৰল আৰু অসাধাৰণ পৰিস্থিতিৰ বাহিৰে ভেটো ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে ৷ যাতে পৰিষদখন বিশ্বাসযোগ্য আৰু কাৰ্যকৰী হৈ থাকে ৷ সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰই পৰিষদৰ স্থায়ী আৰু অস্থায়ী প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি কৰাত সমৰ্থন কৰে। ইয়াত আমি দীৰ্ঘদিন ধৰি সমৰ্থন কৰি থকা ৰাষ্ট্ৰসমূহৰ বাবে স্থায়ী আসন অন্তৰ্ভুক্তি বিচাৰো বুলিও মন্তব্য কৰে ৷’

একেদৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰত, জাপান আৰু জাৰ্মানীক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) স্থায়ী সদস্য হোৱাৰ বাবে সমৰ্থন কথা পুনৰ দোহাৰে ৷

Exit mobile version