WORLD RHINO DAY : মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন

WhatsApp Image 2022 09 22 at 21.27.43

WORLD RHINO DAY : বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানতো আজি উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস। মানাহৰ বাঁহবাৰী ৰেঞ্জৰ কাষৰীয়া ফ্লৰিকান কটেজত স্বেচ্ছাসেৱী সংগঠন ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়া আৰু মানাহ এভাৰ ওৱেলফেয়াৰ ছচাইটি(মিউজ)ৰ যৌথ উদ্যোগত তথা মানাহৰ বন বিভাগৰ সহযোগত বিশ্ব গঁড় দিৱস উদযাপন কৰা হয়। দিৱসৰ কাৰ্য্যসূচীত অৱসৰপ্ৰাপ্ত বন বিষয়া তথা “অসম গৌৰৱ বঁটা”প্ৰাপক ধৰণীধৰ বড়োৱে উপস্থিত থাকি কয়, “বিশ্ব গঁড় দিৱস এই কাৰণেই পালন কৰা হয় যে গঁড় প্ৰাক্‌ ঐতিহাসিক যুগৰ প্ৰাণী।পৃথিৱীৰ পৰা পৰ্ব্বত-পাহাৰ, নদী-নালা আদি ধ্বংস হৈ গ’ল।

কিন্তু সময় সাপেক্ষে গঁড়ে প্ৰতিকূল বতৰকো নেওচি সুন্দৰভাৱে জীয়াই আছে। গতিকে গঁড়ক আমি সকলোৱে উমৈহতীয়া প্ৰচেষ্টাৰে সংৰক্ষণ কৰি ৰাখিব লাগে।” উল্লেখযোগ্য যে মানাহত বৰ্তমান ৫২ টাৰো অধিক গঁড় আছে। অনুষ্ঠানত ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়াৰ বিষয়া দেৱ কুমাৰ দত্তয়ো বক্তব্য প্ৰদান কৰে ৷ বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি আজি মানাহৰ গঁড় সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে জড়িত কেবাগৰাকীও লোকক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। দিৱসৰ কাৰ্য্যসূচীত উদ্যোক্তা ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়া আৰু মিউজৰ বিষয়ববীয়া-কৰ্মকৰ্তা সকলৰ লগতে অৱসৰপ্ৰাপ্ত বন বিষয়া ধৰণীধৰ বড়ো, মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাবুল ব্ৰহ্মকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

Exit mobile version