তিনিচুকীয়াৰ পৰা আটক সন্দেহজনক আই এচ আইৰ সদস্য

WhatsApp Image 2022 09 23 at 16.36.42 1

TINSUKIA  ISI AGENT ARRESTED : – সেনা আৰু তিনিচুকীয়া আৰক্ষীৰ যুটীয়া অভিযানত তিনিচুকীয়াৰ পৰা এজন সন্দেহযুক্ত আই এচ আইৰ সদস্যক আটক । খবৰ অনুসৰি কালি নিশা তিনিচুকীয়াৰ হোটেল ছেফায়াৰৰ পৰা এই সন্দেহযুক্ত আই এচ আইৰ সদস্য জনক আটক কৰে ।

আটকাধীন আই এচ আইৰ সদস্য জনৰ নাম মহম্মদ হায়াট খাতিব । উল্লেখযোগ্য যে, এই আটকাধীন সদস্য জনৰ লগতে তেওঁৰ পত্নী ছামিনা য়াকুবকো সেনা-আৰক্ষীয়ে আটক কৰিছে । আটকাধীন লোকজনৰ ঘৰ কৰ্ণাটকৰ হুবলিত বুলি জানিব পৰা গৈছে । অনুসন্ধানৰ খাতিৰত বিশেষ তথ্য সদৰী কৰা নাই যদিও বৰ্তমান দুয়োদনকে জেৰা কৰি থকা হৈছে ।

Exit mobile version