AIIMS : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেবিনেট নিযুক্তি সমিতিয়ে শুক্ৰবাৰে ড০ এম শ্ৰীনিবাসক সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (এইমছ) নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়ে।
ADVERTISEMENT
আজি চৰকাৰীভাৱে জাৰি কৰা নিৰ্দেশ অনুসৰি শ্ৰীনিবাসক পাঁচ বছৰৰ বাবে বা তেওঁৰ বয়স ৬৫ বছৰ নোহোৱালৈকে নিযুক্তি দিয়া হৈছে । উল্লেখ্য যে নতুন দায়িত্ব লাভ কৰাৰ পূৰ্বে ড:নিবাস হায়দৰাবাদৰ সনাথনগৰৰ কৰ্মচাৰী ৰাজ্যিক বীমা কোম্পানী (ইএছআইচি) চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ ডীন হিচাপে কৰ্মৰত হৈ আছিল।
এইমছৰ বিদায়ী সঞ্চালক ড০ ৰণদীপ গুলেৰিয়াৰ কাৰ্যকাল আজি সমাপ্ত হৈছিল । ডঃ গুলেৰিয়াই ২০১৭ ৰ ২৮ মাৰ্চত সঞ্চালক হিচাপে যোগদান কৰিছিল ।