APPOINTMENT LATTER DISTRIBUTION PROGRAMME :খানাপাৰাত ৰাজ্যৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে ১১,২৩৬ গৰাকীক প্ৰাৰ্থীক নিযুক্তি পত্ৰ

WhatsApp Image 2022 09 23 at 13.58.01

APPOINTMENT LATTER DISTRIBUTION PROGRAMME : খামহানগৰীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান ৷ এই অনুষ্ঠানতে ২৪টা বিভাগৰ ১১,২৩৬ গৰাকীক প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বিতৰণ কৰে নিযুক্তি পত্ৰ ৷ উল্লেখ্য যে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা নিযুক্তি পোৱা যুৱক- যুৱতী আৰু তেওঁলোকৰ পৰিয়াল বৰ্গ সোঁত বয় খানাপাৰা খেলপথাৰলৈ ৷

নিযুক্তি পত্ৰ বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয়, আজি নিযুক্তি পোৱা প্ৰতিগৰাকীলৈ অভিনন্দন ৷এতিয়াৰ পৰা তেওঁলোকৰ দায়িত্ব বাহিল ৷নিজৰ কৰ্তব্য নিষ্ঠাসহকাৰে ৰাইজৰ স্বাৰ্থত কৰিব লাগিব ৷ আনহাতে তেওঁলোকে লাভ কৰা চাকৰিটোৰ দৰমহা পিতৃ- মাতৃয়েও যেন উপভোগ কৰিব পাৰে৷তাৰ প্ৰতি গৰাকীয়ে গুৰুত্ব দিয়াটো প্ৰয়োজন ৷ আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিযুক্তি পৰীক্ষা চলি থকা সময়ত ইন্টাৰনেট কৰ্তন সন্দৰ্ভত কয়, দুখীয়া ল’ৰা- ছোৱালীৰ কাৰণে প্ৰয়োজন হ’লে বিশঘণ্টা পৰ্যন্ত ইন্টাৰনেট কাটিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে ৷

আজি এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে মঞ্চত উপবিষ্ট থাকে ৰাজ্যৰ কেবিনেট মন্ত্ৰী সকল ক্ৰমে অতুল বৰা,ৰনজিৎ কুমাৰ দাস,কেশৱ মহন্ত, অজনৎ নেওগ,ডা:ৰণোজ পেগু,চন্দ্ৰমোহন পাটোৱাৰী,পৰিমল শুক্ল বৈদ্য,যোগেন মহন, পীযুষ হাজৰিকা,সঞ্জয় কিষান,অশোক সিংহাল,বিমল বৰা, জয়ন্ত মল্ল বৰুৱা, নন্দিতা গাৰ্লোচা,ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত সহ শাসকীয় বিধায়ক আৰু জ্যেষ্ঠ আমোলা বিষয়া বৰ্গ ৷

স্মতব্য যে বিগত দিনত ২৭,৭৩৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পিছত আজি দ্বিতীয় পদক্ষেপ হিচাপে এই নিযুক্তি সমাৰোহত ৰাজ্যৰ ২৪ টা বিভাগত এই পদসমূহ নিযুক্তি দিয়া হয় । সেই অনুসৰি গৃহ আৰু ৰাজনৈতিক বিভাগত ৫৩৩৫ গৰাকী প্ৰাৰ্থী নিযুক্তি দিয়াৰ সমান্তৰালকৈ উচ্চ-কাৰিকৰী শিক্ষা বিভাগত ৯২৭ গৰাকী, বিদ্যালয়, শিক্ষাত ৩৮১১, উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত ১, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২৭৭ গৰাকী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ( চিকিৎসা শিক্ষা সহিতে) ২৯৯ গৰাকী ,লোক নিৰ্মাণ ৩০৪ গৰাকী, পৰ্যটন বিভাগত ৬ , জলসিঞ্চনত ১৩৭, পৰিবহনত ৩ গৰাকী, গৃহ আৰু নগৰ পৰিক্ৰমাত ১ গৰাকী, পৰিবেশ আৰু বন বিভাগত ৩৩ গৰাকী, মহিলা আৰু শিশু উন্নয়নত ৪ গৰাকী, জলসম্পদত ৩ গৰাকী, জনস্বাস্থ্য কাৰিকৰীত ৪ গৰাকী , ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত ১৩ গৰাকী , হস্ততাঁত আৰু বস্ত্ৰশিল্পত ৬ গৰাকী , ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১১গৰাকী, সমবায় বিভাগত ২ গৰাকী , দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ২৪ গৰাকী , তথ্য আৰু জনসংযোগ বিভাগত ১ গৰাকী , তথ্য প্ৰযুক্তি বিভাগত ৪ গৰাকী, পশুপালন আৰু পশু চিকিৎসা বিভাগত ২৭ গৰাকী আৰু মীন বিভাগত ৩ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় এই নিযুক্তি পত্ৰ ।

Exit mobile version