CATTLE HEADS SEIZED IN KALIABOR : চৰকাৰী নিৰ্দেশকক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ দপদপনি । ন-ন কৌশল অৱলম্বন কৰি চোৰাং গৰু সৰবৰাহ চলাই থকা একাংশ চোৰাং সৰবৰাহকাৰীয়ে এইবাৰ এক অদ্ভুত কৌশলেৰে এখন নৈশ যাত্ৰীবাহী বাছত কঢ়িয়াই আনিছিল এই চোৰাং গৰুখিনি । এক গোপন সূত্ৰৰ পম খেদি জখলাবন্ধা আৰক্ষী চকীৰ আৰক্ষী বিষয়া আহিদুল ইছলামৰ নেতৃত্বত যোৱা এটি দলে নগাঁৱৰ কলিয়াবৰত অভিযান চলাই এখন নৈশ বাছৰ পৰা উদ্ধাৰ কৰে ২৫ টাকৈ চোৰাং গৰুসহ দুজন সৰবৰাহকাৰীক।
ADVERTISEMENT
আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুজন হৈছে, হবিবুৰ ৰহমান আৰু ৰিবুল হুছেইন । এ এচ ০১ এফ চি ৩৩৩৭ নম্বৰৰ নৈশ বাছখনত কঢ়িয়াই অনা এই গৰুখিনি অৰুণাচলৰ পৰা নগাঁৱৰ ৰূপহীলৈ আনিছিল বুলি জানিব পৰা গৈছে ।