KIREN RIJIJU : কলিয়াবৰৰ ঢেকীয়াল গাঁৱৰ অট’ চালকৰ গৃহত থলুৱা খাদ্যৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

WhatsApp Image 2022 09 23 at 18.15.12

KIREN RIJIJU : কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক দুপৰীয়া অপ্যায়ন কৰিলে কলিয়াবৰৰ অ’টো চালকে। খুৱালে ৰহৰ দালি, কচু, কলডিল, খাহী মাংস¸ মাছৰে এসাঁজ। এদিনীয়া ভ্ৰমণসূচীৰে কলিয়াবৰলৈ পুৱাই আহে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু। ভড়ালী নামঘৰত সেৱা আগবঢ়াই কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে জখলাবন্ধাৰ মিলন সংঘত এখন দলীয় সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে জখলাবন্ধাৰ ঢেকীয়াল গাঁৱৰ ৰাজকুমাৰ হাজৰিকাৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ।

জখলাবন্ধাত অ’টো চলাই চাৰিজনীয়া পৰিয়াল পোহপাল দিয়া ৰাজকুমাৰ হাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমনত অভিভূত হৈ পৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমনৰ খবৰ পাই পুৱাৰে পৰা ব্যস্ত হৈ পৰে ৰাজকুমাৰ। বজাৰৰ পৰা খাহী মাংস, মুৰ্গী মাংস, মাছৰ লগতে থলুৱা মাহগুৰি, বেহুৱালৈকে যোগাৰ কৰে ৰাজকুমাৰে। উল্লেখ্য যে যোৱা ১৪ ছেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জখলাবন্ধালৈ আহোতে ৰাজকুমাৰ হাজৰিকাই নিজৰ মনৰ কথা লিখি এখন পত্ৰ দিছিল।

২৫ বছৰ ধৰি সক্ৰীয় ভাবে বিজেপি কৰ্মী হিচাপে সেৱা আগবঢ়োৱা ৰাজকুমাৰ হাজৰিকাৰ পৰিয়ালে বৰ্তমানলৈকে কোনোধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম নহ’ল। কিন্তু ইয়াৰ পিছতে আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজকুমাৰৰ ঘৰত আহাৰ গ্ৰহণ কৰাত আনন্দিত হৈ পৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও ৰাজকুমাৰ হাজৰিকাৰ আতিৰ্থ্যত শলাগ লোৱাৰ লগতে থলুৱা আহাৰ গ্ৰহণ কৰি আনন্দিত হৈ পৰে।

Exit mobile version