PFI WB PRESIDENT ARRESTED : পিএফআইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত

পিএফআই পশ্চিম বংগৰ গোটৰ সভাপতিক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

WhatsApp Image 2022 09 23 at 15.58.52

PFI WB PRESIDENT ARRESTED : পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ বিৰুদ্ধে দেশজুৰি নিয়াই অব্যাহত ৰখা অভিযানৰ সমান্তৰালভাৱে অসম আৰক্ষীয়ে ব্যাপক অভিযান চলাইছে নামনি আৰু মধ্য অসমৰ ভিন্ন প্ৰান্তত ৷ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এঘাৰজনকৈ পি এফ আইৰ নেতা- কৰ্মীক ৷

শুক্ৰবাৰে আৰক্ষীয়ে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ আৰু এজন নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱকজনক পিএফআইৰ পশ্চিম বংগ গোটৰ সভাপতি মিনাৰুল শ্বেখ বুলি চিনাক্ত কৰা হৈছে।আনহাতে কৰিমগঞ্জ আৰক্ষীয়ে কালি নিশা কৰিমগঞ্জৰ পৰা পিএফ আইৰ অসম ৰাজ্যিক গোটৰ কাৰ্যকৰী সমিতিৰ সদস্য তথা বৰাক উপত্যকা গোটৰ সাধাৰণ সম্পাদক বাজৰুল কৰিম, কৰি নিশাই গুৱাহাটী আৰক্ষীক চমজাই দিয়ে ৷ আজি পশ্চিমবংগ গোটৰ সভাপতি মিনাৰুল শ্বেখ আৰু বৰাক গোটৰ সাধাৰণ সম্পাদক বাজাৰুল কৰিমক কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰে ৷

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এন আই এ) পৰা পোৱা তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে বৰপেটা, বাক্সা, কৰিমগঞ্জ আৰু নগাঁও জিলাত ধাৰাবাহিক অভিযানত আটক কৰা ১০ জনৰ ভিতৰৰ ৯ জনক পাঁচ দিনৰ বাবে আৰক্ষী জিন্মাত দিয়ে চিজিএম আদালতে ।

উল্লেখ্য যে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা ১০ জনৰ ভিতৰত এজন লিংকমেন আছিল আৰু বাকীসকল আছিল নেতা- কৰ্মী ৷
আৰক্ষীয়ে সদৰি কৰা মতে গ্ৰেপ্তাৰ কৰা পিএফ আই সদস্যসকলে ৰাজ্যৰ বাহিৰত সংঘটিত হোৱা বিভিন্ন দেশ বিৰোধী কামত জড়িত থকাৰ লগতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে প্ৰচাৰ চলাই স্থানীয় মুছলমান যুৱকসকলক বিপথে পৰিচালিত কৰি থকাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version