শিলচৰৰ উদাৰবন্দত হৰিণৰ মাংসসহ হাটক এজন

WhatsApp Image 2022 09 24 at 11.24.41

হৰিণৰ মাংসসহ এজনক আটক কৰিলে উদাৰ বন বিভাগৰ কর্মীয়ে । এই ঘটনা সংঘটিত হৈছে শুকুৰবাৰে । উদাৰন্দৰ মধুৰা অঞ্চলত আটক লোকজনৰ নাম প্রজাপতি জয় ৰাম বসুৰ । ৰিজাৰ্ভ বনাঞ্চল বৰাইলৰ পৰা হৰিণ হত্যা কৰি বিক্রী কৰাৰ উদ্দেশ্যে মাংস লৈ আহিছিল প্রজাপতিয়ে । গোপন সূত্রৰ খবৰৰ ভিত্তিত মধুৰাত অভিযান চলাই ২০ কিলোগ্রাম হৰিণৰ মাংসসহ প্রজাপতিক আটক কৰিবলৈ সক্ষম হৈছে বহনকর্মীসকল ।

বন বিভাগৰ উদাৰবন্দৰ ৰেঞ্জাৰ অৰবিন্দ ডেকাই জনায় গোপন সূত্রৰ পৰা খবৰ আহে এজন ব্যক্তিয়ে বৰাইল সংলগ্ন তাপা বস্তি অঞ্চলৰ পৰা বিক্রী কৰিবৰ বাবে হৰিণৰ মাংস লৈ আহিছে এই খবৰৰ ভিত্তিত বন বিভাগৰ মধুৰা বিট কাৰ্যালয়ৰ কর্মীশচাৰীসকলে অভিযান চলাই প্রায় ২০ কিলোগ্রাম হৰিণৰ মাংসসহ প্রজাপতিক আটক কলে ।

পাছত উদ্ধাৰ হোৱা মাংস পৰীক্ষাৰ বাবে লেবত প্ৰেৰণ কৰা হয় । ৰেঞ্জাৰজনে জনায় যে প্রজাপতিক আদালতলৈ নিয়া হ’ব । অৱশ্যে উদাৰবন্দৰ ৰেঞ্জাৰ অৰবিন্দ ডেকাই স্পষ্টভাৱে জনায় অবৈধভাৱে কোনো ধৰণৰ কাৰ্যত জড়িত থাকিলে কাকো ৰেহাই দিয়া নহ’ব । কোনো কাৰণতেই বনাঞ্চল ধ্বংস কৰিব নোৱাৰিব, যদিহে কোনো এই ধৰণৰ কাৰ্যত জড়িত থাকে তেন্তে জেলত যাব লাগিব ।

Exit mobile version