BENEFITS OF GARLIC : আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী মচলা নহৰুৰ ১০ টা অজনা কথা

WhatsApp Image 2022 09 24 at 17.11.43

BENEFITS OF GARLIC : আমাৰ প্ৰতিদিনৰ খাদ্য তালিকাৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান হৈছে নহৰু । নহৰুৰ বহু ঔষধি গুণ আছে । বিশেষকৈ চিকিৎসা বিজ্ঞানেও নহৰুৰ এই কাৰ্যকৰী ভূমিকাৰ কথা স্বীকাৰ কৰিছে ।
প্ৰচলিত কথা অনুসৰি প্ৰতিদিনে এক –দুই ফুটা নহৰু খালে হৃদৰোগত আক্ৰান্ত হোৱাৰ ভয় নাথাকে । বহু লোকে আকৌ নহৰুৰ গোন্ধ সহ্য কৰিব নোৱাৰে । কিন্তু খাদ্যৰ তৃপ্তি বঢ়োৱাত নহৰুৰ উল্লেখযোগ্য ভূমিকা থাকে । সমান্তৰালকৈ নহৰুৰ ঔষধি গুণৰ লগতে নহৰুৰ ওপৰত ৭ হাজাৰ বছৰ পুৰণি বহু কাহিনী আছে ।
১/ জন বিশ্বাস অনুসৰি ইউৰোপত ভ্যাম্পায়াৰৰ লগত মোকামিলা কৰিবলৈ নহৰুৰ ব্যৱহাৰ কৰা হৈছিল । অৰ্থাৎ নহৰুৰ মালা বা খালী নহৰু ঘৰৰ সন্মুখত ৰাখিলে ভ্যাম্পায়াৰ অহাৰ ভয় নাথাকে ।
২/ ইছলাম ধৰ্মত কেঁচা নহৰুৰ সৈতে মছজিদত প্ৰৱেশ কৰাত বাধা আছে । কাৰণ নহুৰুৰ গোন্ধে আল্লাৰ নাম লওতে মানুহৰ মনটো অন্য দিশলৈ লৈ যাব পাৰে । একেদৰে হিন্দু ধৰ্মৰ ক্ষেত্ৰতো ভগৱানৰ পূজা-অৰ্চনাৰ সময়ত মন্দিৰত নহৰু সোমোৱা নিষেধ আছে । জন বিশ্বাস অনুসৰি নহৰুৰ গোন্ধে মনৰ পবিত্ৰতা নষ্ট কৰে ।
৩/ কৰ্পূৰৰ লগত নহুৰু ৰাখিলে ম’হ –মাখি আদি নাহে । বিশেষকৈ নহৰু পিহি পানীৰ লগত মিহলাই ঘৰ মোহাৰিলে পোক –পৰুৱা, ম‘হ-মাখি আদিৰ পৰা ৰক্ষা পৰিব পাৰে ।
৪/ নহৰুত ১৭ মাত্ৰাৰ অধিক এমিন’ এচিড থাকে । যি শৰীৰৰ ভিতৰত অংগ-প্ৰত্যংগৰ কাম সুচাৰু ৰূপে কৰাত সহায় কৰে । কাৰণ মানুহৰ শৰীৰত ৭৫ % এমিন’ এচিডৰ প্ৰয়োজন হয় ।
৫/ চাইনীজ খাদ্যত প্ৰচুৰ পৰিমাণে নহৰু ব্যৱহাৰ কৰা দেখা যায় । কাৰণ চাইনাত বিশ্বৰ সৰ্বাধিক ৬৬ % নহৰু উৎপাদন হয় ।
৬/ প্ৰথম বিশ্ব যুদ্ধৰ সময়তো সৈনিকৰ আঘাতৰ চিকিৎসাত নহৰু ব্যৱহাৰ কৰা হৈছিল ।
৭/ নহৰু হাৰ্টৰ বাবে খুৱেই উপকাৰী । কাৰণ কেঁচা নহৰু খালে কলেষ্টৰেল হ্ৰাস পায় । ইয়াৰোপৰি কাহ-পানী লগা আদি ৰোগতো নহৰু ব্যৱহাৰ কৰা হয় ।
৮/ আমি হয়তো বহুতে নাজানো যে এই ঔষধি গুণেৰে ভৰপূৰ নহৰুৰ এটা দিৱসো পালন কৰা হয় । ১৯ এপ্ৰিল তাৰিখে বিশ্বজুৰি ‘গাৰ্লিক ডে’ হিচাপে পালন কৰি অহা হৈছে ।
৯/ বিভিন্ন মিঠাই জাতীয় খাদ্যতো নহৰু ব্যৱহাৰ কৰা হয় । নহৰু ব্যৱহাৰ হোৱা এটা উল্লেখযোগ্য মিঠাই হৈছে ‘ নহৰুৰ ক্ষীৰ ‘ ।
১০/ হাতত লাগি থকা নহৰুৰ গোন্ধ দূৰ কৰিবলৈ হ’লে ষ্টিলৰ পাত্ৰত ঠাণ্ডা পানী ঢালি হাতখন জুবুৰিয়াই ৰাখিব লাগে ।

Exit mobile version