CM Inaugurates Radiation Therapy Unit at GHCH : জিএইমচিএইচত মুখ্যমন্ত্ৰীৰ দ্বাৰা ৰেডিয়েশ্বন থেৰাপী ইউনিট উদ্বোধন

WhatsApp Image 2022 09 24 at 14.22.01

 CM Inaugurates Radiation Therapy Unit at GHCH : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শনিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰেডিয়শ্বন থেৰাপি ইউনিটটো উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এই ইউনিটটোৱে কৰ্কট ৰোগীসকলক উপকৃত কৰিব।” আনহাতে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ পৰা বহু লোক উপকৃত হৈছে। চৰকাৰে বিনামূলীয়া চাউল প্ৰাপ্ত পৰিয়ালবোৰক ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰিব।”

তেওঁ লগতে কয়, “যদি হাড়ৰ মজ্জা ট্ৰান্সপ্লান্ট প্ৰদান কৰিব পাৰি তেন্তে বহুলোক উপকৃত হ’ব।” আজিৰ পৰা কাজিৰঙাত অনুষ্টিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ চিন্তন বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিষয়া আৰু কৰ্মচাৰীসকল অহা তিনিদিন কাজিৰঙাত থাকিব। কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া চিন্তন চিবিৰত সকলোৱে অংশগ্ৰহণ কৰিব।”

মুখ্যমন্ত্ৰীৰ সৈতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অনুষ্ঠানটিত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু অধ্যক্ষ আৰু অধীক্ষক সহ জ্যেষ্ঠ বিষয়াবৰ্গ ৷

Exit mobile version