CONGRESS PRESIDENT : কংগ্ৰেছৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিব শশী থাৰুৰে

WhatsApp Image 2022 09 24 at 20.57.24

CONGRESS PRESIDENT : কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন ? একাধিক প্ৰতিদ্বন্দ্বীৰ নাম উত্থাপন হ’লেও, প্ৰতিযোগী হিচাপে আনুষ্ঠানিক পদক্ষেপ শশী থাৰুৰৰ । কেৰালাৰ সাংসদ তাৰুৰে সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি সূত্ৰৰ খবৰ ।

কংগ্ৰেছৰ জি-২৩ গোষ্ঠী বা বিক্ষুব্ধ ২৩ জন নেতাৰ ভিতৰত অন্যতম থাৰুৰেই প্ৰথম নেতা যিয়ে ৰাহুল-ছোনিয়াৰ আঢ়ৈ দশক সভাপতিত্বৰ পাছত দলৰ ভাৰ কান্ধত ল’বলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰথম পৰ্যায়তে আগবাঢ়ি আহিছে । কিন্তু যুঁজ সহজ নহয় । গান্ধী পৰিয়ালৰ কোনেও শেষ পৰ্যন্ত নোযুঁজিলে, থাৰুৰৰ মূল প্ৰতিপক্ষ হ’ব ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা আৰু গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ বুলি পৰিচিত অশোক গহলৌট ।

সভাপতি পদৰ বাবে কোনো গান্ধীয়ে প্ৰতিযোগিতাত নাই, কংগ্ৰেছৰ সাম্প্ৰতিক ইতিহাসত এনে ঘটনা বিৰল । বৰ্তমান ‘ভাৰত জ’ৰ’ যাত্ৰাৰ নেতৃত্ব দিছে ৰাহুল গান্ধীয়ে । তেওঁকেই সভাপতি পদ গ্ৰহণ কৰিবৰ বাবে আবেদন-নিবেদন কৰিছে । এনেকি গহলৌটে নিজেই ৰাহুলক পদত ঘূৰি আহিবৰ বাবে আবেদন জনাইছিল । কিন্তু ২০১৯ৰ লোকসভা নিৰ্বাচনত বিপৰ্যয়ৰ পাছত ৰাহুলে কংগ্ৰেছ সভাপতিৰ পদ ত্যাগ কৰাৰ পাছত উভতিব বিচৰা নাই ।

একেৰাহে ১৯ বছৰ সভানেত্ৰীৰ দায়িত্ব পালন কৰাৰ পাছত পুত্ৰৰ হাতত দায়িত্ব গোটাইছিল ছোনিয়া গান্ধীয়ে । ঘটনাচক্ৰে, ৰাহুলে পদত্যাগ কৰাৰ পাছত ছোনিয়াই অন্তৱৰ্তী সভানেত্ৰীৰ দায়িত্বভাৰ ল’বলগীয়া হয় । বৰ্তমানলৈকে তেওঁ সেই দায়িত্বভাৰ গ্ৰহণ কৰি আছে । ১৭ অক্টোবৰত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব । প্ৰায় শতাধিক বছৰৰ পাছত এয়ে প্ৰথম কংগ্ৰেছ সভাপতি নিৰ্বাচিত হ’ব পাৰে এনে এজন, যাৰ পদবীত গান্ধী নাই । সেই যুঁজৰ বাবেই মনোনয়নপত্ৰ দাখিল কৰি নিজৰ দাবী জনালে তাৰুৰে ।

কিন্তু কংগ্ৰেছ সভাপতিৰ নিৰ্বাচন হ’ব আৰু কন্দল নহ’ব তেনে হ’ব পাৰে জানো ? সভাপতি পদৰ বাবে গহলৌট আৰু তাৰুৰৰ যুঁজ নিশ্চিত হোৱাৰ সময়তে দলৰ মুখপাত্ৰ গৌৰৱ বল্লভ মুকলিভাৱেই গহলৌটৰ সমৰ্থনত আগবাঢ়ি আহিছে । বৃহস্পতিবাৰে বল্লভে থাৰুৰক কটাক্ষ কৰে আৰু তেওঁ যে গহলৌটকে সমৰ্থন কৰিছে সেয়া জনাই দিয়ে । ইয়াৰ পাছতেই তৎপৰ হৈছে কংগ্ৰেছ দল । প্ৰবীণ নেতা জয়ৰামে নিৰ্দেশনা জাৰি কৰিছে, দলৰ মুখপাত্ৰসকলে যাতে দলৰ পদপ্ৰাৰ্থীসকলৰ বিষয়ে কুমন্তব‌্য নকৰে ।

Exit mobile version