DATE PALM GOOD FOR HEALTH : মহিলাৰ স্বাস্থ্য ৰক্ষাৰ বাবে খেজুৰ কিমান উপকাৰী ! জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 24 at 15.09.55

DATE PALM GOOD FOR HEALTH : মহিলাৰ বাবে খেজুৰ অতিকৈ উপকাৰী এবিধ ফল । মহিলাৰ সততে দেখা দিয়া বিভিন্ন শাৰীৰিক সমস্যাৰ বাবে খেজুৰ অত্যন্ত উপকাৰী ফল হিচাপে বিবেচিত হৈছে ।
১/ মহিলাৰ শৰীৰত ফ’লিক এচিডৰ খুৱেই প্ৰয়োজন । যিহেতু ফ’লিক এচিডৰ পৰিমাণ হ্ৰাস হ’লে মহিলাৰ শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে । বিশেষকৈ গৰ্ভধাৰণৰ সময়ত ফ’লিক এচিডৰ পৰিমাণ হ্ৰাস হ’লে গৰ্ভাস্থিত সন্তানৰ ওপৰত প্ৰভাৱ পৰিব পাৰে । তেনেক্ষেত্ৰত ফ’লিক এচিডৰ পৰিমাণ সঠিক কৰি ৰাখিবলৈ মহিলাক কমেও দুটাকৈ খেজুৰ খাবলৈ দিব লাগে ।
২/ খেজুৰত থকা ক’পাৰ , কেলচিয়াম আৰু মেগনেছিয়ামে সচৰাচৰ মহিলাৰ শৰীৰত দেখা দিয়া হাড়ৰ সমস্যা দূৰ কৰাৰ লগতে অষ্টিওপোৰেছিছ দূৰ কৰাত সহায় কৰে ।
৩/ খেজুৰত থকা ফাইবাৰে মহিলাৰ শৰীৰত সহজে জমা হোৱা মেদ হ্ৰাস কৰাৰ লগতে বিপাক ক্ৰিয়া সঠিক ৰূপত পৰিচালিত কৰাত সহায় কৰে । আনকি খেজুৰ খালে দীৰ্ঘ সময়ৰ লৈকে পেট ভৰি থাকে আৰু যাৰবাবে ওজনো হ্ৰাস পায় ।
৪/ মহিলাৰ মেনোপ’জৰ সময়ত হ’ব পৰা এবিধ ৰোগ হৈছে হৃদৰোগ । খুৱেই সম্ভাৱনা এই ৰোগো খেজুৰে প্ৰতিৰোধ কৰিব পাৰে । বিশেষজ্ঞ সকলৰ মতে ,খেজুৰত থকা এণ্টিঅক্সিডেণ্টৰ বাবে হৃদৰোগ দূৰ হয় ।
বি: দ্ৰ: এই লিখনীটো সচেতনতা বৃদ্ধিৰ বাবেহে প্ৰস্তুত কৰা হৈছে । কোনো ৰোগৰ লক্ষণ দেখা পালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্তই আৱশ্যক ।

Exit mobile version