FORMER DEPUTY SECURITY MINISTER SUN LIJUN : এশ গৰু মাৰিলে,বাঘৰো মৰণ ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হৈছে প্ৰতিবেশী দেশ এখনৰ তদানীন্তন নিৰাপত্তা দপ্তৰৰ উপ-মন্ত্ৰী এগৰাকীৰ ক্ষেত্ৰত ৷ প্ৰাক্তন প্ৰৱল প্ৰতাপি মন্ত্ৰীজন হ’ল ছুন লিজুন । মন্ত্ৰীত্বৰ কালত অবাধ দুর্নীতিৰে কেৰোণেৰে লৈছিল উৎকোচ ৷ যাৰবাবে গোচৰ চলিছিল আদালতত ৷ আদালতে প্রাক্তন মন্ত্রীক প্ৰদান কৰে মৃত্যুদণ্ডৰ
শাস্তি ।
প্ৰাক্তন মন্ত্ৰীজনে মন্ত্ৰীত্বৰ কালছোৱাত ৭ বিলিয়ন ভাৰতীয় টকা উৎকোচ হিচাপে লৈছিল বিভিন্ন পক্ষৰ পৰা ৷ তদুপৰি তেওঁ বিৰুদ্ধে অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ মজুত ৰখাৰ অভিযোগ প্ৰমাণিত হয় আদালতত ৷
উল্লেখ্য যে চীনৰ উত্তৰ-পূবৰ জিলিন প্ৰদেশৰ ইন্টাৰমিডিয়েট পিপলছ কোৰ্ট অৱ চাংচুনে প্ৰাক্তন উপ-মন্ত্ৰীজনৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়াৰ লগতে সকলো স্থাৱৰ- অস্থাৱৰ সা- সম্পত্তি জব্দ কৰাৰ হুকুম দিয়ে ৷ শেহতীয়া খবৰ অনুসৰি প্ৰাক্তন নিৰাপত্তা দপ্তৰৰ মন্ত্ৰীজনৰ মৃত্যুদণ্ডৰ শাস্তি কাৰ্যকৰী কৰণ বেইজিং প্ৰশাসনে দুবছৰৰ বাবে স্থগিত ৰাখিছে ৷