দেশৰ ১০ খন মহাবিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিলে অসমৰ অন্যতম এখন আগশাৰীৰ শিক্ষানুষ্ঠান বি বৰুৱা মহাবিদ্যালয়ে ।
ৰাষ্ট্ৰীয় এন এছ এছ দিৱস উপলক্ষে দেশৰ দুখন বিশ্ব বিদ্যালয় আৰু ১০ খন মহাবিদ্যালয়ে লাভ কৰিছে ৰাষ্ট্ৰীয় এন এছ এছ বঁটা ।
বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যেন্দ্ৰ নাথ বৰ্মন আৰু বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰ’গ্ৰাম বিষয়া ড° সত্যব্ৰত বৰুৱাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা এই সন্মানীয় বঁটা গ্ৰহণ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । এই বঁটাত আছে এখন মানপত্ৰ সহ দুই লাখ টকাৰ নগদ পুৰস্কাৰ ।
এই বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰা অধ্যক্ষ গৰাকীয়ে এন এছ এছৰ সদস্য সকলৰ লগতে মহাবিদ্যালয়খনৰ সকলো শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে ।