AASA : সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু মাৰ্ঘেৰিটা বাসী ৰাইজৰ উদ্যোগত দুদিনীয়া বর্ণাঢ্য কাৰ্য্যসূচীৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলন । সেই উপলক্ষে দেওবাৰে নিশা আছা’ৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ সভাপতি জাৰ্নেল মিঞ্জৰ পৰিচালনাত অনুষ্ঠিত হোৱা মুকলি সভাত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি কৰা আদিবাসী উগ্ৰপন্থী সংগঠন আনলা’ৰ কেন্দ্ৰীয় বিষয়ববীয়া, আদিবাসী নেতা বলদেৱ তেলী, আছা তিনিচুকীয়া জিলাৰ সম্পাদক ৰামানুজ লাক্ৰা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সহকাৰী সম্পাদক সাংবাদিক মানস প্ৰতিম গগৈ, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি পাপু দত্ত সহ কেইবাজনো
ব্যক্তিউপস্থিত থাকে। চাহ খেতিৰে অসমৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰা চাহ জনগোষ্ঠীয় লোকসকলে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষা ৰক্ষা কৰাত যথেষ্ট ভূমিকা লৈ আহিছে বুলি ভাষণ প্ৰসংগত সাংবাদিক মানস প্ৰতিম গগৈয়ে উল্লেখ কৰাৰ লগতে শেহতীয়াকৈ আনালৰ সৈতে হোৱা শান্তি চুক্তিয়ে আদিবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।
AASA : মাৰ্ঘেৰিটাত আছাৰ উদ্যোগত কেন্দ্ৰীয় কৰম সন্মিলনৰ সফল সামৰণি

ADVERTISEMENT