Google : জীৱনত টকাই সকলো নহয়, আনন্দ কৰি কাম কৰক, গুগলৰ কর্মচাৰীসকলক পৰামর্শ সুন্দৰ পিচাইৰ

WhatsApp Image 2022 09 26 at 21.01.09

Google : জীৱনত টকাই সকলো নহয়, আনন্দ কৰি কাম কৰক, গুগলৰ কর্মচাৰীসকলক পৰামর্শ সুন্দৰ পিচাইৰ সংস্থাৰ লাভৰ পৰিমাণ কমিছে । সেয়ে কর্মচাৰীসকলৰ বিনোদন আৰু ভ্রমণত ব্যয় আবণ্টন কমাইছে সংস্থাই । সেয়ে কর্মচাৰীসকল স্বভাৱিকতেই সংস্থাৰ সিদ্ধান্তত ৰুষ্ট আছিল । তেওঁলোকে এই বিষয়ত সংস্থাৰ চিইঅ’ সুন্দৰ পিচাইৰ হস্তক্ষেপ দাবী কৰে । তেতিয়া পিচাইয়ে সংস্থাৰ কর্মচাৰীসকলক কয়, ‘টকাই সকলো নহয়, বৰঞ্চ কর্মস্থলত আনন্দ কৰি কাম কৰা উচিত ।’

এটা সংবাদ সংস্থা সূত্রে খবৰ, গুগলৰ সাম্প্রতিক এটা বৈঠকত কর্মচাৰীসকলে পিচাইক প্রশ্ন কৰে, কিয় কর্মচাৰীসকলৰ বিনোদন আৰু ভ্রমণৰ ব্যয় কমাই দি তেওঁলোকক বঞ্চিত কৰা হৈছে ? তেতিয়া কিছু দার্শনিকৰ সুৰত পিচাই জনায়, কামৰ মাজতে সুখ বিচাৰি লোৱাতেই সুখ লুকাই আছে । এই প্রসংগত তেওঁ অতীতৰ স্মৃতিচাৰণ কৰি জনায়, যেতিয়া গুগল এটা সৰু সংস্থা আছিল, তেতিয়া তেওঁলোকে বেছি অর্থ নাপালেও আনন্দ মনে কাম কৰিছিল । সেইবাবে সংস্থাটো অধিক চহকী হৈছে বুলি দাবী পিচাইৰ ।

Exit mobile version