HIGH BLOOD PRESSURE CONTROL TIPS : উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ ৭ টা ঘৰুৱা দিহাৰ বিষয়ে জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 26 at 18.38.25

HIGH BLOOD PRESSURE CONTROL TIPS : বৰ্তমান সময়ত এটা সাধাৰণ কথা হৈছে যে , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায়ভাগ মানুহে দৈনিক ঔষধ সেৱন কৰে । যদিও কোৱা হয় যে উচ্চ ৰক্তচাপ কেৱল ঔষধে নিয়ন্ত্ৰণ কৰিব পাৰে তথাপি এইকথা সদায় মনত ৰখা উচিত যে যিকোনো ঔষধৰে পাৰ্শ্বক্ৰিয়া থাকে ।
তেনেক্ষেত্ৰত কিয় আমি এই মৃত্যুঘাতী সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ কিছু ঘৰুৱা দিহাৰ ব্যৱস্থা নকৰো ! সাধাৰণতে এই ঘৰুৱা দিহা সমূহে কোনো ৰোগ নিৰ্মূল কৰিব নোৱাৰে যদিও প্ৰতিৰোধ কৰাত কিন্তু অভূতপূৰ্ব সহায় কৰে ।

১/ উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰিবলৈ দৈনিক ইলাচি আৰু আদা দিয়া চাহ খোৱাৰ অভ্যাস কৰা উচিত । উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত এই চাহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে । এই কথা ২০০৯ চনত ইণ্ডিয়ান জৰ্নাল অৱ বায়’কেমেষ্ট্ৰি এণ্ড বায়’ফিজিক্সত উল্লেখ কৰিছিল যে, ইলাচি আৰু আদাৰ ওপৰত প্ৰায় সপ্তাহ ধৰি চলোৱা এক পৰীক্ষাত এই কথা প্ৰমাণ হৈছে যে, ই মানুহৰ দেহত হঠাৎ হ’বপৰা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । মূলতে আদা আৰু ইলাচি দিয়া চাহে মানুহৰ ৰক্ত সঞ্চালনক এক সন্তোলন অৱস্থাত ৰাখে । ইয়াৰলগতে ই আমাৰ হৃদৰোগ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে । তেনেক্ষেত্ৰত আমি ঘৰতে উপলব্ধ হোৱা এই দুবিধ মচলা জাতীয় সামগ্ৰী দৈনিক সেৱন কৰি উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰো ।
২/ দৈনিক ৰাতিপুৱা তৰমুজ খাৱলৈ আৰম্ভ কৰক । তৰমুজ হৈছে এনে এটা প্ৰাকৃতিক ফল যি উচ্চ ৰক্তচাপৰ ফলত বৃদ্ধি হোৱা তেজৰ সঞ্চালন হ্ৰাস কৰে । গৰমৰ দিনত সৰ্বাধিক উপলব্ধ এই ফলত থকা চিটুলাইন শৰীৰত প্ৰৱেশ কৰি নাইট্ৰিক অক্সাইদলৈ পৰিৱৰ্তন হয় ।নাইট্ৰিক অক্সাইদে মানুহৰ তেজৰ কণিকা সমূহক মুক্ত কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।
৩/ নহৰু উচ্চ ৰক্তচাপৰ অত্যন্ত উপকাৰী মচলা । ই অতি সোনকালে উচ্চ ৰক্তচাপ হ্ৰাস কৰিব পাৰে । নহৰু-এ মানুহৰ শৰীৰৰ বৰ্ধিত পানী আৰু চ’ডিয়াম প্ৰসাৱৰ যোগেদি বাহিৰ কৰাত সহায় কৰে । ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাৰ লগতে হৃদ ৰোগৰ কাৰণেও ফলদায়ক ।
৪/ পৃথিৱীৰ সকলো ঠাইত উপলব্ধ এবিধ পাচলি হৈছে গাজৰ । ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাৰ লগতে ছাল আৰু চকুৰ তলত পৰা দাগ নিৰাময় কৰাতো সহায় কৰে । গাজৰত থকা এণ্টিঅক্সিডেণ্টে মাৰত্মক ৰোগ কেন্সাৰ প্ৰতিৰোধ কৰাতো সহায় কৰে। ইয়াৰোপৰি গাজৰে মানুহৰ মৰিব ধৰা তেজৰ কোষ গঠনতো সহায় কৰে । গাজৰত থকা চডিয়াম আৰু পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । দৈনিক আমি এগিলাচ গাজৰৰ ৰস সেৱন কৰিলে উচ্চ ৰক্তচাপৰ বাচি থাকিব পাৰিম ।
৫ / চি ভিটামিন যুক্ত বিলাহীও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । বিলাহীত থকা ভিটামিন ই , এণ্টিঅক্সিডেণ্ট আৰু পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত অভূতপূৰ্ব সহায় কৰে । অৱশ্যে বজাৰত উপলব্ধ হোৱা বিলাহীৰ চ’চে শৰীৰত কোনো সু-ফল পেলাব নোৱাৰে । বৰঞ্চ ইয়াত থকা পৰ্যাপ্ত চ’ডিয়ামে শৰীৰৰ ক্ষতি কৰাহে ভয় থাকে । তেনেক্ষেত্ৰত ঘৰতে পোৱা বিলাহী দৈনিক খাবলৈ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞ সকলে । ইয়াৰলগতে বিলাহীয়ে কেন্সাৰ প্ৰতিৰোধ কৰাতো সহায় কৰে ।
৬/ চ’ডিয়ামযুক্ত খাদ্য বৰ্জন কৰিও উচ্চ ৰক্তচাপৰ পৰা ৰক্ষা পৰিব পাৰে । আমি জানো যে চডিয়ামে শৰীৰত তেজৰ সঞ্চালন বৃদ্ধি কৰে । অধিক চডিয়াম থকা যিকোনো খাদ্য শৰীৰৰ বাবে অপকাৰী বুলি বিবেচিত হৈছে । তেনেক্ষেত্ৰত অধিক চডিয়াম থকা নিমখ মানুহে কমাই খাব লাগে । নিমখে মানুহৰ ৰক্তচাপ বৃদ্ধি কৰাত সহায় কৰে । সচৰাচৰ লাভ কৰা চডিয়ামযুক্ত নিমখৰ পৰিৱৰ্তে আজিকালি বজাৰত কম চডিয়ামযুক্ত নিমখো পোৱা যায় যদিও আহাৰত সদায় নিমখৰ পৰিমাণ কমাই খোৱাৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসক সকলে ।
৭/ ধনীয়াৰ গুটিয়েও মানুহৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । জানি হয়তো আচৰিত হ’ব যে , চাইনাত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ধনীয়াৰ গুটি ব্যৱহাৰ কৰে । ধনীয়াৰ গুটিৰ লগতে ধনীয়া শাকো চাইনাৰ লোক সকলে প্ৰচুৰ পৰিমাণে খায় । ধনীয়াই শৰীৰত জমা হোৱা বৰ্ধিত পানী উলিয়াই দিয়াত সহায় কৰাৰ লগতে হৃদ ৰোগৰ বাবেই ধনীয়া যথেষ্ট উপকাৰী । যদি আপুনি এনেই ধনীয়াৰ গুটি খাবলৈ বেয়া পাই ,তেন্তে আপুনি ধনীয়াৰ গুটি চাহত দিও সেৱন কৰিব পাৰে । ইয়াৰোপৰি ধনীয়াৰ গুটিৰ ৰস তৈয়াৰ কৰি দৈনিক তিনিবাৰ সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয় ।

Exit mobile version