HOWLI RASS MAHOTSAV : হাউলীৰ ৰাস মহোৎসৱত মেলা বজাৰ, মীনা বজাৰ আৰু বাণিজ্য মেলাৰ ভেটি ডাকৰ দিন নিৰ্ধাৰণ

WhatsApp Image 2022 09 26 at 21.29.57

HOWLI RASS MAHOTSAV : হাউলীত অহা সাত নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ১৫ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰ ৯৫ সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰা হ’ব । ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে এইবেলিও মেলা বজাৰ, মীনা বজাৰ, বাণিজ্য মেলা আয়োজন কৰা হৈছে ।

ৰাস মহোৎসৱৰ স’তে সংগতি ৰাখি মেলা বজাৰ, মীনা বজাৰৰ লগতে বিভিন্ন বিপনী আৰু বাণিজ্যৰ ভেটিসমূহ ডাকযোগ দিয়া হ’ব বুলি এক বিবৃতিযোগে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ প্ৰচাৰ সম্পাদক ৰুবুল দাস আৰু কৌশিক কমল দাসে জানিবলৈ দিছে ।

মেলা বজাৰ আৰু মীনা বজাৰ উপ-সমিতি সভাপতি প্ৰদীপ নাথ আৰু সম্পাদক লাচিত নাথে জনোৱা মতে ন অক্টোবৰত মিনা বজাৰ, ১৬ অক্টোবৰত বাণিজ্য মেলা আৰু ২৮ অক্টোবৰত অন্যান্য বিপনী তথা দোকানৰ ভেটিসমূহৰ ডাক হাউলী ৰাস মন্দিৰৰ চোতালত ৯:৩০ বজাত দিয়া হ’ব ।

মেলা বজাৰ আৰু মীনা বজাৰৰ বিপনী আৰু বাণিজ্য ভেটিৰ বাবে ইচ্ছুক ডাকোতাসকলক তিনিওটা দিনত নিৰ্দিষ্ট সময়ত উপস্থিত থাকিবলৈ আহ্বান জনোৱাৰ লগতে ৮০১১৪৬৭৭১৫, ৯৪৮৫২৪১৩৭০, ৮৬৩৮৬৭১৯১২, ৯৫০৮৪৫৮৬১২ নম্বৰত বিভাগীয় উপ-সমিতিৰ স’তে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

Exit mobile version