JORHAT TEOK : টীয়কত আৰক্ষীৰ পীড়াকটা চমুৱা গাঁৱত বৃহৎ চুলাই মদৰ ঘাটি ভাঙি লণ্ড ভণ্ড

WhatsApp Image 2022 09 26 at 18.35.52

JORHAT TEOK : যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত টীয়ক আৰক্ষীয়ে পীড়াকটা চমুৱা গাঁৱত আজি এটা বৃহৎ চুলাই মদৰ ঘাটি ভাঙি লণ্ড ভণ্ড কৰে । তাৎপৰ্যপূৰ্ণ বিষয় যে, যি সময়ত অবৈধ চুলাই সেৱন কৰি বহুতৰ সংসাৰ ধংস হোৱাৰ লগতে টীয়কৰ বহু অঞ্চলত অবৈধ ভাবে গঢ় লৈ উঠা চুলাই মদৰ ঘাটিয়ে সৰ্বস্বান্ত কৰিছে বহু পৰিয়ালক। এনেদৰে কাঠফুলাৰ দৰে গঢ় লৈ ঘাটি সমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত অৱশ্যে পূৰ্বতকৈ বহু সক্ৰিয় হৈছে প্ৰশাসন ।

জানিব পৰা মতে এক বিশেষ সুত্ৰৰ পম খেদি টীয়ক আৰক্ষী ক্ষীপ্ৰ অভিযানত চমুৱা গাঁৱৰ প্ৰকাশ দুৱাৰা আৰু বিজয় দুৱৰাৰ বাৰীৰ মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা প্ৰায় ৫০০ লিটাৰৰো অধিক চুলাই উদ্ধাৰ কৰাৰ লগতে প্ৰস্তুত কৰি থকা বহু পৰিমাণৰ চুলাই নষ্ট কৰে ।

উল্লেখযোগ্য যে এই ভাটিটোত আগন্তুক পূজাৰ বতৰত বিক্ৰীৰ বাবে বুজন পৰিমাণে চুলাই প্ৰস্তুত কৰি টীয়কৰ বিভিন্ন স্থানলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে । ইতিমধ্যে আৰক্ষীয়ে এই অবৈধ চুলাইখিনি নষ্ট কৰাৰ লগতে এই বৃহৎ সুৰা চক্ৰৰ সৈতে জড়িতসকলক আটক কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Exit mobile version