Monk : ১০ বছৰে এখন হাত ওপৰলৈ দাঙি ৰাখিছে, নীলকণ্ঠৰ প্রতি ভক্তি প্ৰদৰ্শন কৰিবলৈ অদ্ভুত পথ সাধুৰ

WhatsApp Image 2022 09 26 at 4.20.34 PM

ভগৱান শিৱৰ প্রতি তেওঁৰ অগাধ আস্থা । সেই আস্থা প্রমাণ কৰিবলৈ অদ্ভুত পন্থা অৱলম্বন কৰিলে এজন সাধুৱে, নিজৰ সোঁহাতখন ওপৰলৈ তুলি ধৰি ৰাখি ।

ইমনতেই আচৰিত নহ’ব । সাধুজনৰ দাবী, তেওঁ ১০ বছৰ ধৰি সোঁহাতখন একেদৰেই তুলি ৰাখিছে । গা-ধুৱা, খোৱা বা শুলা যিয়ে কাম নকৰক কিয়, হাতখন তেওঁ তেনেদৰেই থয় ।

নাম প্রকাশ্যত অনিচ্ছুক সাধুজনৰ দাবী, বিগত ১০ বছৰ ধৰি এনেদৰে তুলি ৰখাৰ ফলত হাতখন অচল হৈ গৈছে । তেজ চলাচল বন্ধ হৈ গৈছে সেই হাতত । তেওঁৰ এই কামৰ বাবে সম্প্রতি ভাইৰেল হৈছে সাধু । হৈ-চৈৰ সৃষ্টি কৰা এই সাধুজনক সাংবাদিকসকলে প্রশ্ন কৰিছিল, কিমান দিন এনেৰে তেওঁ হাত দাঙি ৰাখিব ? তেওঁ উত্তৰত কয়, “ভৱিষ্যতে কি কৰিব, সেয়া নিৰ্ধাৰণ কৰা নাই ।”

এয়ে প্রথম নহয়, ইয়াৰ পূৰ্বেও এজন সাধুৱে এনে কাম কৰিছিল । তেওঁৰ নাম অমৰ ভাৰতী । তেওঁ সাধাৰণ মানুহৰ দৰেই জীৱনযাপন কৰিছিল । বিবাহিত । সন্তানো আছে । কিন্তু ১৯৭৩ত তেওঁ নিজকে শিৱৰ পৰম ভক্ত বুলি দাবী কৰে । কেৱল দাবী কৰাই নহয়, শিৱৰ প্রতি অগাধ আস্থাৰ প্রমাণ দিবলৈ নিজৰ সোঁহাত ওপৰফালে দাঙি ৰখাৰ সিদ্ধান্ত লয় ।

ভাৰতীয়ে দাবী কৰিছিল, প্রথম দুবছৰ হাতত খুব বিষ অনুভৱ কৰিছিলো । কিন্তু লাহে লাহে হাত অচল হৈ যায় । চিকিৎসকে দাবী কৰে, সেই হাতত তেজ চলাচল বন্ধ হৈ গৈছে । ফলত কোনো অনুভূতিয়ে কাম কৰা নাছিল ভাৰতীৰ সোঁহাতত । তেওঁৰ দাবী, ৪৫ বছৰ ধৰি তেওঁ হাতখন এনেদৰেই ৰাখিছে ।

Exit mobile version