ATC PUJA BONUS : পূজা উপলক্ষে কাইলৈৰ ভিতৰত এ টি চিৰ চাহ শ্ৰমিকসকলে লাভ কৰিব বানচ

WhatsApp Image 2022 09 27 at 17.33.24 1

ATC PUJA BONUS :  পূজা উপলক্ষে এ টি চি অধীনৰ চাহ শ্ৰমিকসকলৰ বাবে এটা সু খবৰ আহিছে । কাইলৈ অৰ্থাৎ ২৮ ছেপ্টেম্বৰৰ ভিতৰত এ টি চিৰ অধীনৰ সকলো শ্ৰমিকে বানচ লাভ কৰিব । এ টি চিৰ অধ্যক্ষ ৰাজদ্বীপ গোৱালাই জানিব দিয়া মতে , শ্ৰমিকসকলে এই বানচ এশ শতাংশকৈ পাবলৈ সক্ষম হ’ব । দুৰ্গা পূজাৰ পূৰ্বেই ৰাজ্য চৰকাৰে ১৮ কোটি টকা মোকলাই দিছে আৰু এ টি চিৰ অধীনত ১৫ খন চাহ বাগানৰ শ্ৰমিকে এই পূজা বানচ লাভ কৰিব। বেংক একাউন্টৰ যোগে এই বানচ প্ৰায় ১৬ হাজাৰ শ্ৰমিকক আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে ।

Exit mobile version