Golaghat Park : গোলাঘাটত পাৰ্ক নিৰ্মাণৰ নামত গছ কটা কাৰ্যক গৰিহণা সচেতন ৰাইজৰ

WhatsApp Image 2022 09 27 at 18.53.25

Ggolaghat Park :  বনানিকৰণৰ শ্ল’গান দিয়া অসম চৰকাৰৰ চত্ৰছায়াত গোলাঘাট নগৰত পাৰ্ক নিৰ্মাণৰ নামত বহু মূল্যবান গছ কটাৰ অভিযোগ উত্থাপন হৈছে । চি আই ডি এফ প্ৰজেক্টৰ অধীনত ১০০ কোটি টকা ধাৰ্য কৰা এই পাৰ্কসমূহ নিৰ্মাণৰ কাম অব্যাহত আছে যদিও সমান্তৰালকৈ বহু পুৰণি গছ কাটি পেলোৱা কাৰ্যক সহজভাৱে লোৱা নাই চহৰখনৰ সচেতন মহলে । অভিযোগ অনুসৰি , যি সময়ত দেশৰ খৰাংপীড়িত জিলাৰ ভিতৰত ১৬ নম্বৰ স্থান দখল কৰা জিলাখনত শিশু উদ্যান, খেলপথাৰ উন্নয়নৰ নামত এনেকৈ গছ কাটি তহিলং কৰাত ক্ষোভিত হৈ পৰিছে সচেতন মহলৰ লগতে প্ৰকৃতিপ্ৰেমীসকল ।

উল্লেখযোগ্য যে, আজি পুৱাৰে পৰা ৰাজ্যিক পৰিবহন নিগমৰ সন্মুখত থকা জ্যোতিৰ্ময় পাৰ্কৰ বহু মূল্যবান গছ কটা কাৰ্যক গৰিহণা দিছে সচেতন মহলে । সচতনমহলৰ দাবী যে, গছেহে এখন পাৰ্কৰ সৌন্দৰ্য বৃদ্ধি কৰে । বিশেষকৈ যিটো সময়ত অসম চৰকাৰে বিভিন্ন অনুষ্ঠানত বৃক্ষ ৰোপণৰ কাৰ্যসূচী গ্ৰহণ দেখা যায় ,তেনেসময়ত আকৌ পাৰ্ক পুনৰ নিৰ্মাণৰ নামত এনেকৈ গছ কটাতো কিমানদূৰ যুক্তিসংগত হৈছে সেইলৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে ।

এই সন্দৰ্ডত চহৰখনৰ এজন সচেতন ব্যক্তি তথা প্ৰকৃতিপ্ৰেমী জাফৰুল ইমতিয়াজ আলীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, সৌন্দৰ্যবৰ্ধনৰ নামত এনেদৰে গছ কটা কাৰ্য কিমানদূৰ যুক্তিসংগত হৈছে বা যিটো সময়ত অন্য দেশত গছ ৰক্ষাৰ অভিযানত সকলোৱে একেস্বৰে আগবাঢ়িছে ,তেনেসময়ত ভৱিষ্যতৰ কথা চিন্তা নকৰি এইসকলে লোকে গছ কাটি সৌন্দৰ্যবৰ্ধনৰ চিন্তা কৰাটো এক অমূলক তথা ভিত্তিহীন বুলি ক্ষোভ উজাৰে ।

Exit mobile version