Inspirational Story : ৬০০ বাৰ আবেদন কৰিও ব্যর্থ, অৱশেষত ‘ৱর্ল্ড বেংক’-ত চাকৰি লাভ ২৩ বছৰীয়া যুৱকৰ

vatsal 1 6331579d3f84c

‘ৱর্ল্ড বেংক’-ত চাকৰি কৰাৰ সপোন দেখিছিল । পূৰণ হৈছে সেই সপোনো । কিন্তু ইচ্ছাপূৰণৰ পথ সহজ নাছিল । অক্লান্ত পৰিশ্রম, অধ্যাবসায়, নিজৰ সপোনক স্পৰ্শ কৰাৰ অদম্য ইচ্ছাই— আনি দিছে সাফল্য । ভাটছাল নাহাটা । এই ২৩ বছৰীয়া যুৱকজনৰ স্বপ্নপূৰণৰ যুঁজে অনুপ্রেণিত কৰিছে অনেককে ।

২০২০ত, আইভি লিগৰ অন্তর্ভুক্ত ইয়েল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হয় ভাটছাল । স্নাতকৰ চূড়ান্ত পৰীক্ষাৰ দুমাহ আগৰ পৰাই নিজৰ লক্ষ্যত উপনীত হোৱাৰ প্রস্তুতি আৰম্ভ কৰিছিল যুৱকজনে । পঢ়া-শুনা শেষ মানেই নিবনুৱা জীৱন আৰম্ভ । নিজকে সেই পৰিস্থিতিত চাব নিবিচাৰে তেওঁ । অলপ অলপকৈ নিজকে প্ৰস্তুচ কৰিছিল । কিন্তু তেতিয় কৰ’না পৰিস্থিতি চৰম অৱস্থাত । এটাৰ পাছত এটা সকলো বন্ধ হৈ গৈছিল । নতুন নিয়োগতো দূৰৰে কথা, প্রচুৰ সংস্থাই তেতিয়া কর্মচাৰী ছাটাই কৰিছিল ।

আৰম্ভণিতেই এনে বাধা পাই তেওঁ মানসিকভাৱে ভাঙি পৰিছিল । কিন্তু হাৰ মানা নাছিল । ঘৰৰ পৰা দূৰত আছিল । ফোনত পিতৃ-মাতৃক চিন্তাৰ কথা জানিবলৈ দিয়া নাছিল । পিতৃ-মাতৃয়ে সকলো ঠিক আছে নে নাই জানিব বিচাৰিলে যেন তেওঁ মনৰ পৰা আৰু দুর্বল হৈ পৰিছিল । কিন্তু কোনো দিন নিজৰ চিন্তাৰ প্ৰভাৱ পিতৃ-মাতৃক জানিবলৈ দিয়া নাছিল । অকলশৰেই যুঁজি আছিল ।

প্রতি দিনে বিচাৰিছিল নিয়োগৰ কোনো বিজ্ঞাপন ওলাইছে নেকি । প্রায় ১৫০০টা সংস্থাত চাকৰিৰ আবেদন কৰিছিল । মেইল কৰিছিল ৮০টাৰো অধিক । ফোন কৰিও বিচাৰিছিল ক’ৰবাত কামৰ খবৰ আছে নেকি । তেনে ফোনৰ সংখ্যাও কম নহয় । প্রতিবাৰেই ব্যর্থতা নামি আহিছিল জীৱনত । লাহে লাহে মানসিক অবসাদত ভুগিছিল ।

কিন্তু কথাতে কয়, চেষ্টাৰ অসাধ্য একো নাই । এটা সময়ত পৰিশ্রমৰ ফল পালে ভাটছালেও । চলিত বছৰত তে একেলগে চাৰিটা সংস্থাত চাকৰিৰ সুযোগ পায় । চাৰিটা সংস্থাৰ ভিতৰত এটা হ’ল ‘ৱর্ল্ড বেংক’ । সেইটোৱে বাছি লয় । ২৩ বছৰ বয়সত ‘ৱর্ল্ড বেংক’-ৰ দৰে এটা আন্তর্জাতিক সংস্থাৰ গুৰুত্বপূর্ণ পদৰ দায়িত্ব গ্ৰহণৰ সুযোগ পাই অভিভূত যুৱক ।

ভাটছালে জনাইছে, সঁচাকৈ চেষ্টাৰ অসাধ্য একো নাই । কিন্তু সঠিক পথত যাব লাগিব । ইচ্ছাই মূল । ইচ্ছা থাকিলে লক্ষ্যপূৰণৰ পথ যিমানেই কঠিন নহ‌ওক কিয়, সফল হ’ব‌ই ।

Exit mobile version