LACHIT GHAT AIR SHOW : মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লাচিতঘাটত এয়াৰ ফৰ্চৰ এয়াৰ শ্ব’

WhatsApp Image 2022 09 27 at 15.35.24

LACHIT GHAT AIR SHOW : মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লাচিতঘাটত আজি ভাৰতীয় বায়ু সেনাই ইষ্টান এয়াৰ কামাণ্ডে আয়োজন কৰে এয়াৰ শ্ব’ ৷আজাদী কী অমৃত মহোৎসৱ উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ বায়ু সেনাৰ সূৰ্য কিৰণ আৰু এচ’বেটিক টিমৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ আকাশত পৰিবেশিত হয় এম কে ১৩২ নখনকৈ বিমানৰ চমক পদ এয়াৰ শ্ব’ ৷ বায়ু সেনাৰ পাইলটে প্ৰদৰ্শন কৰা নান্দনিক কলা- কৌশলে সকলোকে মোহাচ্ছন্ন কৰি ৰাখে ৷ এয়াৰ শ্ব’অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যপালৰ পত্নী প্ৰেমা মুখী, ইষ্টান এয়াৰ কামাণ্ডৰ এয়াৰ মাৰ্চাল ডি কে পাটনায়ক ,ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠাকুৰ সহ বহু কেইজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷

উল্লেখ্য যে বায়ুসেনাৰ এই অনুষ্ঠান চলি থকা সময়ছোৱাত গুৱাহাটী- উত্তৰ গুৱাহাটীৰ তিনিটা ঘাটৰ ফেৰী সেৱা বন্ধ আছিল ৷

Exit mobile version