Turmeric : হালধি ব্যৱহাৰ কৰিও দাঁত চাফা কৰিব পাৰি ! জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 27 at 14.26.49

বহু লোকে ভাৱে হালধিৰ ৰঙে দাঁত লেতেৰা কৰে । প্ৰকৃততে কিন্তু সেইয়া নহয় । বৰং হালধি ব্যৱহাৰ কৰিও দাঁত চাফা কৰিব পাৰি ।

এক গৱেষণাত এই কথা প্ৰকাশ পাইছে যে , হালধিত থকা কাৰকিউমিনে দাঁতৰ আলুত হ’ব পৰা অন্যান্য ৰোগ প্ৰতিৰোধ কৰে । ইয়াৰলগতে হালধীয়ে মাউথৱাছাৰৰ কাম কৰাৰ লগতে দাঁতৰ বেক্টেৰিয়া দূৰ কৰে ।

এতিয়া কথা হ’ল আপুনি কেনেকৈ হালধি ব্যৱহাৰ কৰি দাঁত চাফা কৰিব ?

বাৰীত উপলব্ধ হোৱা কেঁচা হালধি পিহি অলপ নাৰিকল তেল দি পেষ্ট তৈয়াৰ কৰি দাঁত মাজিলে খুউৱ দ্ৰুত গতিত দাঁত চাফা হয় । অৱশ্যে দাঁত মাজোতে কমেও পাঁচ মিনিট ৰাখিব লাগে আৰু মুখখন ধোৱাৰ পিছত পুনৰ অন্য টুথপেষ্ট দি দাঁত ধুৱ লাগে ।

যিহেতু হালধিত থকা এণ্টিইনফ্লেমেটৰিয়ে অথবা এণ্টিমাইক্ৰোবিয়ালে দাঁতৰ হালধীয়া ৰং দূৰ কৰাত বিশেষভাৱে কাম কৰে ।

Exit mobile version