শৰাইঘাটত নিৰ্মাণ হ’ব দুখলপীয়া দলং

দ্বিতীয় খন দলং নিৰ্মাণৰ বাবে কেন্দ্ৰৰ অনুমোদন ৯৯৬.৭৫কোটি

nitin gadkari

ব্ৰহ্মপুত্ৰৰ বুকুত ৬০ বছৰ পূৰ্বে নিৰ্মাণ কৰা ঐতিহ্যমণ্ডিত শৰাইঘাট দলংৰ সমীপতে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে নতুন দুখলপীয়া দলং এখন নিৰ্মাণৰ বাবে অনুমোদন জনায় ৯৯৬.৭৫কোটি টকা ৷ দুখলপীয়া দলং খনত ৰে’ল আৰু যানবাহনৰ চলাচলৰ সুবিধা থাকিব ৷ প্ৰধানমন্ত্ৰী গতিশক্তি মিছনৰ অধীনত নিৰ্মাণ হ’ব দলং খন ৷

আজি কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নিতীন গাডকাৰীয়ে টুইট কৰি দলংখন নিৰ্মাণ বাবে অনুমোদন কথা সদৰি কৰে ৷

উল্লেখ্য যে শৰাইঘাটৰ পুৰণি দলংখনৰ ভগ্নপ্ৰায় বিভিন্ন অংশৰ মেৰামতি চেগাচোৰোকাকৈ হৈ থাকে ৷ যাৰ বাবে বহু অসুবিধা সন্মুখীন আৰোহী সকল ৷

উল্লেখ্য যে ১৯৫৯ ৰ মধ্য ভাগত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা শৰাইঘাটৰ পুৰণি দলং ১৯৬২ৰ ২৩ছেপ্তেম্বৰত মুকলি কৰা হয় ৷ হিন্দুস্থান কনষ্ট্ৰাকশ্বন কোম্পানীয়ে প্ৰায় ১০.৬ টকা ব্যয়েৰে নিৰ্মাণ কৰিছিল দলংখন ৷

Exit mobile version