দিল্লী আবকাৰী নীতি : লণ্ডাৰিং গোচৰত ইডিয়ে আটক কৰিলে সমীৰ মহেন্দ্ৰুক

WhatsApp Image 2022 09 28 at 15.16.20

গুৱাহাটী : দিল্লী আবকাৰী নীতি ২০২১-২২ ৰ স’তে সম্পৰ্কিত ধন ৰপ্তানিৰ তদন্তৰ অংশ হিচাপে বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে দিল্লীত গ্ৰেপ্তাৰ কৰে বিতৰ্কিত ব্যৱসায়ী সমীৰ মহেন্দ্ৰুক ।

দিল্লীৰ জোৰবাগ স্থিত ইণ্ডোস্পিৰিট গ্ৰুপৰ পৰিচালনা সঞ্চালক মহেন্দ্ৰুক আজি পুৱা ভাগতে আটক কৰে ইডি-এ ৷ একেদৰে মঙলবাৰে দিল্লী আবকাৰী নীতিৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে মুম্বাইস্থিত অ’নলি মাচ লাউডাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিজয় নায়াৰক আটক কৰাৰ এদিনৰ পিছতে ইডিৰ এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ উল্লেখ্য যে দিল্লী আবকাৰী নীতি ২০২১-২২ ৰ সৈতে সম্পৰ্কিত ধন ৰপ্তানিৰ তদন্তৰ গোচৰত অভিযুক্ত কৰা হৈছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া, অৰ্ভা গোপী কৃষ্ণা, উপায়ুক্ত আনন্দ তিৱাৰী আৰু সহকাৰী আয়ুক্ত পংকজ ভাটনাগৰ অন্যতম।

একেদৰে পাৰ্নোড ৰিকাৰ্ডৰ প্ৰাক্তন কৰ্মচাৰী মনোজ ৰায়, ব্ৰিণ্ডকো চেলছৰ সঞ্চালক অমনদীপ ধল, অমিত অৰোৰা আৰু বাডি ৰিটেইলৰ সঞ্চালক দিনেশ অৰোৰা আৰু ছানী মাৰৱাহ, অৰুণ ৰামচন্দ্ৰ পিল্লাই আৰু মহাদেৱ সুৰাৰ কৰ্তৃত্বপ্ৰাপ্ত স্বাক্ষৰকাৰী অৰ্জুন পাণ্ডেকো অভিযুক্ত কৰা হৈছে।

ইডি আৰু চিবিআইয়ে দাবী কৰে যে আবকাৰী নীতি সলনি কৰোঁতে অনুচিত পদক্ষেপ লোৱা হৈছিল৷ অনুজ্ঞাপত্ৰ ধাৰকসকলে অনুচিত অনুগ্ৰহ লাভ কৰিছিল৷ তদপৰি অনুজ্ঞাপত্ৰ মাচুল মাফ কৰা হৈছিল বা হ্ৰাস কৰা হৈছিল৷ইয়াৰোপৰি কতৃত্বপ্ৰাপ্ত কৰ্তৃপক্ষৰ সন্মতি অবিহনে এল-১ অনুজ্ঞাপত্ৰৰ ম্যাদ দীঘলীয়া কৰা হৈছিল।

স্মতৰ্ৱ্য যে প্ৰতিষ্ঠিত প্ৰক্ৰিয়া উলংঘন কৰি আবকাৰী বিভাগে প্ৰায় ৩০ কোটি টকাৰ আৰ্নেষ্ট মানি ডিপজিট কৰা নিবিদাকাৰীক ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছিল। মনকৰিবলগীয়া যে সক্ষম ব্যৱস্থাৰ অনুপস্থিতি স্বত্বেও কোভিড কেন্দ্ৰীক পৰিস্থিতিৰ অচিলা লৈ১৯ -এৰ ২৯২১ ৰ ২৮ ৰ পৰা ২০২২ৰ ২৭ জানুৱাৰীলৈকে নিবিদা অনুজ্ঞাপত্ৰৰ মূল্য ৰেহাই দিয়াৰ অনুমতি দিছিল দিল্লী চৰকাৰৰ আবক বিভাগে ।

এনে ঘটনাক্ৰমৰ মাজতে দিল্লীৰ লেফটেনেণ্ট-গভৰ্ণৰ বিনাই কুমাৰ চাক্সেনাৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা প্ৰেৰণ কৰা এজাহাৰ এখনত উল্লেখ কৰা হৈছে যে দিল্লী চৰকাৰৰ আবকাৰী নীতি ২০২১-২২ ৰ সৈতে সম্পৰ্কিত ধন ৰপ্তানিৰ ফলত ৰাজকোষৰ ক্ষতি হয় ১৪৪.৩৬ কোটি টকা ৷

Exit mobile version