GANJA SEIZED : ৰঙিয়াত ট্ৰাকৰ পৰা জব্দ বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা

WhatsApp Image 2022 09 28 at 13.27.12

GANJA SEIZED : কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষীয়ে আজি পুৱতি নিশা এক গোপন সুত্ৰৰ পমখেদি এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷
এন এল ৰেজিষ্টেচন থকা ট্ৰাকখন জব্দ কৰে ৰঙিয়া ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ৷ ট্ৰাকখনৰ কেবিনৰ চেলফত গোপনে ভৰাই আনিছিল ১২০ কিলোগ্ৰাম ওজনৰ গাঞ্জা ভৰ্তি কেইবাটাও পেকেট ৷

আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী ট্ৰাকখনৰ চালক আৰু হেন্দিমেনক আটক কৰি অব্যাহত ৰাখিছে জেৰা ৷ আৰক্ষীয়ে জানিব দিয়া মতে গাঞ্জাখিনি দিল্লীৰ পৰা সৰবৰাহকাৰী কেইজনে আনিছিল ৷

Exit mobile version