Gautam Adani : আদানিৰ ভঁৰালৰ পৰা উধাও ৫৬ হেজাৰ কোটি ! হেৰুওৱালে বিশ্ব ধনী তালিকাৰ দ্বিতীয় স্থান, প্রথম ১০ নম্বৰত নাই অম্বানি

WhatsApp Image 2022 09 28 at 17.22.39

Gautam Adani : এদিনত ৫৬ হেজাৰ কোটি টকা হেৰুৱালে উদ্যোগপতি গৌতম আদানিয়ে । শ্বেয়াৰ বজাৰৰ সাম্প্রতিক পতনৰ ফলত আদানি গোষ্ঠীৰ প্ৰধানৰ মুঠ সম্পত্তিৰ বজাৰদৰ নামিল ১১ লাখ কোটি টকালৈ ।

শ্বেয়াৰ বজাৰত বিগত এসপ্তাহৰ পতনৰ ফলতেই ভাৰতীয় ধনকুবেৰে মোটা অংকৰ ধনৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় । অৱশ্যে তাৰ ফলত আৰু এটা ক্ষতি স্বীকাৰ কৰিবলগীয়া হৈছে আদানিয়ে । তেওঁ বিশ্ব ধনী তালিকাত (ব্লুমবার্গ বিলিঅ’নিয়াৰ ইনডেক্সৰ প্ৰস্তুত) দ্বিতীয় স্থানত আছিল । সাম্প্রতিক ক্ষতিৰ ফলত তেওঁ নিজৰ স্থান হেৰুৱাইছে । এক নম্বৰত থকা ইলন মাস্কৰ পাছতেই আছিল অদানি । সম্প্ৰতি তেওঁৰ স্থান দখল কৰিছে অমাজনৰ প্রতিষ্ঠাপ জেফ বেজছে । আদানি নামি আহিছে তৃতীয় স্থানত ।

বিগত কিছু দিন ধৰি নিম্নমুখী শ্বেয়াৰ বজাৰ । সোমবাৰে শ্বেয়াৰৰ সূচকৰ পতনৰ সেই ধাৰা অটুট ৰাখি শ্বেয়াৰৰ দাম কমিছে আদানি গোষ্ঠীৰ সাতটা সংস্থাৰ । অৱশ্যে শ্বেয়াৰৰ দাম নামিলেও আদানিৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ বাঢ়িছে চলিত বছৰত । আনহাতে, বিলিঅ’নিয়াৰৰ তালিকাত আদানিৰ স্থান দখল কৰা জেফ বেজছৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ হ্ৰাস পাইছে ।

শ্বেয়াৰ বজাৰত পতনৰ প্রভাৱত ক্ষতিগ্রস্ত ভাৰতীয় ধনকুবেৰ অৱশ্যে কেৱল আদানিয়ে নহয় । তেওঁৰ লগতে মুকেশ অম্বানীৰো সম্পত্তিৰ মূল্য কমিছে । ব্লুমবার্গৰ ধনকুবেৰৰ তালিকাৰ প্রথম ১০ৰ পৰা ওলাই গৈছে অম্বানী । ইয়াৰ পূৰ্বে ১০ নম্বৰতেই আছিল ৰিলায়েন্স গোষ্ঠীৰ প্রধান । সোমবাৰৰ পাছত ধনী তালিকাত তেওঁ ১১ নম্বৰ স্থানত ।

Exit mobile version