WOMEN HELD FOR BLACKMAILING TINSUKIA SP DEBOJIT DEURI : তিনিচুকীয়াৰ এছ পি দেৱজিং দেউৰীক ব্লেকমেইল কৰা মহিলাক আটক

WhatsApp Image 2022 09 28 at 18.16.55

WOMEN HELD FOR BLACKMAILING TINSUKIA SP DEBOJIT DEURI :  তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীক ব্লেকমেইল কৰাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহযোগত আটক কৰে এগৰাকী মহিলাক । হেলেনা দেউৰী নামৰ মহিলাগৰাকীক এছ পি দেউৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত গুৱাহাটীৰ কাহিলীপাৰাৰ এটা এপাৰ্টমেণ্টৰ পৰা আটক কৰা হয়।

ADVERTISEMENT

উল্লেখ্য যে , মহিলাগৰাকীয়ে নিজকে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ পত্নী বুলি দাবী কৰি তেওঁৰ লগত থকা শিশুটো আৰক্ষী অধীক্ষক গৰাকীৰে বুলি দাবী কৰে । আনহাতে মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰি এছ পি দেউৰীয়ে কয়, এই দাবী অমুলক ৷ এনে বহুতো লোক আছে যিয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি থাকে, কিন্তু সেইবোৰ সঁচা নহয়। অনুসন্ধানৰ পিছত সত্যটো পোহৰলৈ আহিব ।” আটকাধীন মহিলাগৰাকীক দিছপুৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

Exit mobile version