CBI ARRESTS GST COMMISSIONER S.RAJU :  গুৱাহাটীৰ জি এছ টি আপীল আয়ুক্ত গ্ৰেপ্তাৰ চিবিআইৰ

WhatsApp Image 2022 09 29 at 15.17.30

CBI ARRESTS GST COMMISSIONER S.RAJU : কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে বাৰজনীয়া দল এটাই বুধবাৰৰ পৰা মহানগৰীৰ জি এছ টি ভৱনত মাৰাথন অভিযান চলাই ৷
আজি পুৱালৈকৈ অব্যাহত থকা অভিযানৰ অন্তত গুৱাহাটীৰ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ৰ আপীল আয়ুক্ত শক্তিয়েল ৰাজুক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে আটকাধীন আয়ুক্ত জনে ধনৰ বিনিময়ত বহু কেইটা ব্যৱসায়িক প্ৰতিষ্ঠানক গোপনে জি এছ টি কৰ ৰেহাই দিয়াৰ অভিযোগ উদ্থাপিত হৈছিল ৷ বুধবাৰে চিবিআইৰ বৃহৎ দল এটাই জিএছ টি ভৱনত অৰ্তকিতে অভিযান চলাই জব্দ কৰে বহু নথিপত্ৰ৷ আজি জব্দকৃত নথিবোৰ পৰীক্ষাৰ অন্তত গ্ৰেপ্তাৰ কৰে আপীল আয়ুক্ত এছ ৰাজুক ৷ ইতিমধ্যে আটকাধীন আয়ুক্তজনক চিবিআই- এ অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷

Exit mobile version