Crime:✒️ৰাজধানী দিল্লীত এগৰাকী আইআৰএছ (IRS) বিষয়াৰ কন্যাৰ ধৰ্ষণ-হত্যাৰ ঘটনাত তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্ত ৰাহুল মীনা নামৰ এজন ব্যক্তি ১২ ঘণ্টাৰ ভিতৰত দুটা পৃথক স্থানত যৌন নিৰ্যাতনৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।
তথ্য অনুসৰি, অভিযুক্তজন আলৱাৰ(Alwar)ৰ বাসিন্দা। দিল্লীত ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ পূৰ্বে আলৱৰতো এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে। ইতিমধ্যে সেই মহিলাই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি, মঙ্গলবাৰৰ নিশা প্ৰায় ১০:৩০ বজাত অভিযুক্তজনে এজন প্রতিবেশীৰ ঘৰত জোৰকৈ প্ৰৱেশ কৰি এগৰাকী মহিলাক যৌন নিৰ্যাতন কৰে। তাৰ পাছত ভয়-ভাব দেখুৱাই ঘটনাটো গোপন ৰাখিবলৈ হুমকি দিয়ে। প্ৰায় ১১ বজাত অভিযুক্তই সেই স্থান এৰি যায়। তাৰ পাছতে ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।
ইয়াৰ পাছতে অভিযুক্তজন ৰাজস্থানৰ পৰা দিল্লীলৈ আহি পুনৰ এটা ভয়ংকৰ ঘটনা সংঘটিত কৰে। বুধবাৰে পুৱা প্ৰায় ৬:৩০ বজাত দিল্লীত থকা আইআৰএছ বিষয়াৰ বাসগৃহত প্ৰৱেশ কৰে।
প্ৰাথমিক তদন্ত অনুসৰি, ভুক্তভোগীক প্ৰথমে শ্বাসৰোধ কৰি অচেতন কৰা হয়, তাৰ পাছত যৌন নিৰ্যাতন চলোৱা হয় আৰু অৱশেষত হত্যা কৰা হয়।
ঘটনাৰ পাছত অভিযুক্তজনে ঘৰৰ লকাৰ ভাঙি টকা-গহনা লৈ পলায়ন কৰে আৰু নিজৰ পোছাকো সলনি কৰে বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি ১৫টা দলেৰে অনুসন্ধান আৰম্ভ কৰে আৰু একেদিনাই দিল্লীৰ এখন হোটেলৰ পৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে, অভিযুক্ত ৰাহুল মীনা পূৰ্বে উক্ত আইআৰএছ বিষয়াৰ ঘৰত কৰ্মৰত আছিল। বিভিন্ন অপকৰ্মৰ অভিযোগত প্ৰায় এমাহ পূৰ্বে তেওঁক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছিল। সেই ঘটনাৰ প্ৰতিশোধ হিচাপে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰাথমিকভাৱে সন্দেহ কৰিছে।






























