CM HIMANTA BISWA SARMAH : দূৰ্গা পূজালৈ মাজত মাত্ৰ তিনিটা দিন ৷ ইতিমধ্যে ৰাজ্যৰ চৌদিশে পূজাৰ পূৰ্ণ প্ৰস্তুতিত মগ্ন পূজা কমিটি সমূহ ৷ এনে সময়তে চান্দা তোলাৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ অহা অসম চৰকাৰে উৎসৱ-পাবনৰ দৰে দূৰ্গা পূজাৰ সময়ছোৱাত চান্দা তোলাৰ পৰা আতঁৰি থাকিবলৈ সকলো পক্ষলৈ অনুৰোধ জনাইছে ৷ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টযোগে এই অনুৰোধ জনাই উল্লেখ কৰে– ”এই পূজাৰ বতৰত সকলোকে চান্দা অপসংস্কৃতি সম্পূৰ্ণ পৰিহাৰ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়। সকলোৰে সহযোগিতাৰে এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰোঁ আহক।”
মুখ্যমন্ত্ৰী এই অনুৰোধক পূজা সমিতি সমূহে কিদৰে সহাৰী জনাই সেইয়া হ’ব লক্ষণীয় ৷
CM HIMANTA BISWA SARMAH : মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ পূজাত চান্দা নুতুলিব !
