COURT ORDER TEEEJASHWA YADAV TO APPER IN PERSON ON OCTTOBER 18 : বিহাৰ উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ন্যায়ালয়ৰ চমন

১৮ অক্টোবৰত সোঁ-শৰীৰে আদাতত হাজিৰৰ নিৰ্দেশ

WhatsApp Image 2022 09 29 at 14.51.44

COURT ORDER TEJASHWA YADAV TO APPER IN PERSON ON OCTTOBER 18 : বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ন্যায়ালয়ৰ চমন ৷ আদালতত সোঁ- শৰীৰে উপস্থিত থকাৰ নিৰ্দেশ আদালতৰ ৷ বুধবাৰে আইআৰচিটিচি হোটেল কেলেংকাৰী সন্দৰ্ভত গোচৰটোৰ শুনানি গ্ৰহণ কৰা স্থানীয় আদালতে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ১৮ অক্টোবৰত ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ কৈছিল।

উল্লেখ্য যে ঘটনাৰ তদন্তকাৰী সংস্থা চিবিআই-এ যাদৱৰ জামিন নাকচৰ বাবে জনাইছিল আবেদন ৷ নীতি-নিয়ম উলংঘাৰ ব্যক্তিগত ফাৰ্মক ঠিকা দিয়াৰ অভিযোগত অভিযুক্ত যাদৱ ৷ ২০১৮ চনৰ অক্টোবৰ মাহত আদালতে লালু প্ৰসাদৰ তনয়ক মঞ্জুৰ কৰিছিল জামিন ৷ পুনৰ গোচৰটোৰ তদন্ত আৰম্ভ কৰে চিবিআই-এ ৷

যোৱা ১৭ অক্টোবৰত ঘটনা সন্দৰ্ভত আদালতে যাদৱৰ পৰা বিচাৰিছিল প্ৰত্যুত্তৰ ৷ কিন্ত তেজস্বীয়ে দিয়া নাছিল যথাযথ উত্তৰ ৷ শেহতীয়াকৈ বিহাৰত বিজেপিৰ মিত্ৰদল নিতীশ কুমাৰ নেতৃত্বাধীন সংযুক্ত জনতা দলে বিজেপিৰে সম্পৰ্ক ছেদ কৰি আৰ জে ডিৰ নেতা তেজস্বী যাদৱৰে মিলিত হৈ মহাজোঁটবন্ধন চৰকাৰ গঠন কৰে ৷ চৰকাৰৰ উপ- মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লয় তেজস্বী যাদৱ  ৷ ৰাজ্যখনৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিছতে পুনৰ চিবিআইৰ ৰোষত পৰে তেজস্বী যাদৱ ৷ স্মতৰ্ৱ্য যে চিবিআই-এ দাখিল কৰা আবেদনত যাদৱৰ জামিন বাতিলৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় অনুসন্ধান সন্থাটোৱে ৷

মনকৰিবলগীয়া যে, আইআৰচিটিচি হোটেল কেলেংকাৰী গোচৰত প্ৰাক্তন ৰে’ল মন্ত্ৰী লালু প্ৰসাদ, তেওঁৰ পত্নী ৰাবড়ী দেৱী আৰু পুত্ৰ তেজস্বী যাদৱ সহ ১৪ জন অভিযুক্তৰ নাম উল্লেখ আছে ।

Exit mobile version