JAMMU KASHMIR TWIN BLASTS : গৃহমন্ত্ৰী অমিত শ্বাহৰ জম্মু-কাশ্মীৰৰ আগমনৰ পূৰ্বে বিস্ফোৰিত দুটাকৈ বিস্ফোৰণ

WhatsApp Image 2022 09 29 at 15.46.12

JAMMU KASHMIR TWIN BLASTS : দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ জম্মু- কাশ্মীৰলৈ আগমনৰ পূৰ্বে দুটাকৈ বোমা বিস্ফোৰণে কপাই গ’ল উপত্যকাটো ৷ পৰ্বতীয়া ৰাজ্যখনৰ উধমপুৰ জিলাৰ ডোমেল চ’কত বুধবাৰে সন্ধিয়া ৰখাই থোৱা এখন বাছত সংঘটিত হয় এক বিস্ফোৰণ ৷ এই ঘটনাত গুৰুত্বৰভাৱে আহত হয় দুজনকৈ লোক । এই ঘটনাৰ আতংকৰ মাৰ নৌযাওতেই আঠ ঘন্টাৰ ব্যৱধানত আজি পুৱা ভাগত সংঘটিত হয় এই দ্বিতীয়টো বিস্ফোৰণ। স্থানীয় পেট্ৰ’ল পাম্পৰ সমীপত ৰখাই থোৱা এখন বাছত সংঘটিত হোৱা বিস্ফোৰণ বাছ খন সম্পূৰ্ণৰূপে বিধবস্ত হয় যদিও কোনোলোক হতাহত হোৱা নাই ৷

আঠঘন্টাৰ ব্যৱধানত দুটাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই তীব্ৰ আতংকই বিৰা কৰিছে  ৷ ঘটনাস্থলীত আৰক্ষী আৰু সেনাৰ যৌথ বাহিনী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ একেদৰে নতুন দিল্লীৰ পৰা ‘নিয়া’ৰ বৃহৎ দল এটা উধমপুৰত উপস্থিত হৈ আৰক্ষীৰ পৰা সংগ্ৰহ কৰিছে তথ্য ৷

উল্লেখ্য যে গৃহমন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু- কাশ্মীৰলৈ যোৱা কথা ৷ কিন্ত গৃহমন্ত্ৰীৰ আগমনৰ পূৰ্ব দুটাকৈ সংঘটিত বোমা বিস্ফোৰণক লৈ বিবুধিত পেলাইছে নিৰাপত্তা বাহিনীৰ চোৰাংচোৱা সন্থা সমূহক ৷ ইতিমধ্যে ৰাজধানী শ্ৰীনগৰ সহ পশ্চিম কাশ্মীৰত নিৰাপত্তা বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷

Exit mobile version