LAWYERS PROTEST IN GUWAHATI : গুৱাহাটী মুখ্য ন্যায়িক দণ্ডাধীশ আদালত স্থানান্তৰৰ বিৰুদ্ধে উকিল সন্থাৰ অৱস্থান ধৰ্মঘট

WhatsApp Image 2022 09 29 at 17.21.48

LAWYERS PROTEST IN GUWAHATI : ব্ৰহ্মপুত্ৰৰ পাৰত সগৌৰৱে উজ্জ্বলি থকা কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ক অস্থায়ীভাৱে হেঙেৰাবাৰীলৈ স্থানান্তৰ কৰাৰ পিছত শেহতীয়াকৈ মুখ্য ন্যায়িক দণ্ডাধীশ আদালত স্থানান্তৰৰ বাবে উচ্চ ন্যায়ালয়ৰ পৰা জাননী পোৱাৰ পিছতে ক্ষোভিত হৈ পৰিছে উকিল সন্থা ৷ স্থায়ী আন্ত:গাঠনি নোহোৱাকৈ অস্থায়ীভাৱে স্থানান্তৰৰ বিৰুদ্ধে আজি উকিল সন্থাই চিজিএম আদালতৰ সমীপত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

উকিল সন্থাৰ দাবী ১৩০ বছৰীয়া চিজিএম আদালত স্থায়ী স্থানলৈ স্থানান্তৰ কৰা হওক ৷ কিন্ত অস্থায়ীভাৱে সুকীয়া স্থানলৈ যোৱাটো কেতিয়াও সম্ভৱ নহয়৷কিয়নো আদালতৰ স’তে জড়িত হৈ আছে উকিল সন্থা আৰু তৰণী সংঘ সহ ডিটিপি দোকান সমূহ ৷ চৰকাৰে স্থানান্তৰৰ সিদ্ধান্ত শীৰ্ঘে বাতিল নকৰিলে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদী অধিবক্তা সকলে ৷

Exit mobile version