কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি বন্ধ হ’ব ফ্ৰি ভইছ কল আৰু ভিডিঅ’ কল

Screen Shot 2

বিনামূল্যে হোৱাট এপ কল কৰাৰ দিন আৰু শেষ হ’ব । কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি , চৰকাৰে এক নতুন খচৰাত এই কথা উল্লেখ কৰিছে । মূলত ইণ্টাৰনেটৰ পৰা কৰা ভিডিঅ’ কল আৰু ভইছ কলৰ ওপৰত এই পৰিবৰ্তন কৰিবলৈ ভাৰতীয় টেলিকম বিভাগে ২০২২ ৰ খচৰা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰিছে ।

এই খচৰাত হোৱাট এপ, টেলিগ্ৰাম , চিগনেল জোম , গুগল দুও এই এপ কেইটাৰ টেলিকম লাইচেন্সৰ আওতাত অনাৰ প্ৰস্তাৱ দিয়া হৈছে । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই বিলৰ খচৰা টেলিকম বিভাগৰ ৱেবচাইটত সকলোৱে জানিবলৈ উপলব্ধ কৰাৰ লগতে এই বিলৰ ওপৰত কাৰোবাৰ কিবা পৰামৰ্শ থাকিলে জনাবলৈ অনুৰোধ কৰিছে ।

ইয়াৰ লগতে ভাৰতীয় টেলিকম বিল ২০২২ ত একাধিক নতুন বিষয় সন্নিবিষ্ট কৰিছে । এই প্ৰস্তাৱ অনুসৰি হোৱাট এপ, স্কাইপি , জোম, টেলিগ্ৰাম, গুগল দুওৰ দৰে কলিং আৰু মেচেজিং এপ বিলাকত লাইচেন্স প্ৰদান কৰিব । অৰ্থাৎ নতুন টেলিকম বিলত অ’ টি টি প্লেটফৰ্মো উপলব্ধ হ’ব । সমান্তৰালকৈ ইয়াৰ যোগেদি টেলিকম ও ইণ্টাৰনেট চাৰ্ভিছ লোৱা সকলৰ বাবে চাৰ্জ আৰু জৰিমনা লোৱাৰো প্ৰস্তাৱ লোৱা হৈছে । ইতিমধ্যে কেন্দ্ৰীয় প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণবে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে ।

এই হোৱাটছ এপ, টেলিগ্ৰাম আদি এপৰ যোগেদি উপভোক্তাই বিনামূল্যে ভইছ কল কৰাত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে টেলিকম সংস্থাবোৰ । দীৰ্ঘদিনৰ পৰা এই অভিযোগ কৰি আহিছে এয়াৰটেল, জিঅ’ ভোডাফ’ন ৰ দৰে প্ৰতিষ্ঠান সমূহে । যিটো কাৰণত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তাৱ ল’বলৈ বাধ্য হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এইবুলিও উল্লেখ কৰিছে যে, চূড়ান্ত বিল প্ৰস্তুত কৰাৰ আগতে চৰকাৰে পৰামৰ্শ প্ৰক্ৰিয়াৰ সময়ত ষ্টকহল্ডাৰৰ লগতো বিতংকৈ আলোচনা কৰিব । বিলখন ছয়-দহ মাহৰ ভিতৰত আইনত পৰিণত হ’ব । অৱশ্যে এই সিদ্ধান্তৰ ক্ষেত্ৰত কেন্দ্ৰই বিশেষ খৰ-ধৰ কৰা নাই বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰী বৈষ্ণবে আৰু জনাই যে, চাইবাৰ জালিয়াতি ৰোধ কৰা তথা অপৰাধী চিনাক্ত কৰাত মেচেজিং এপ সমূহত কল কৰোতে কে ৱাই চি যোগ কৰাৰো প্ৰয়োজন । ইণ্টাৰনেট কলত কে ৱাই চি ত তথ্য পোৱাটো সম্ভৱ , যাৰবাবে চৰকাৰে এটা সমাধান বিচাৰি আইনী পৰামৰ্শ বিচাৰিব পাৰিব । মূলতে এই বিলৰ যোগেদি চাইবাৰ জালিয়াতিৰ ঘটনা হ্ৰাস পাব বুলি আশা কৰা হৈছে ।

Exit mobile version