মুছলিম ৰাষ্ট্র আজাৰবাইজানে সামৰিক সাহায্য পাইছে তুৰস্ক আৰু পাকিস্তানৰ পৰা । সীমান্ত সংঘর্ষৰ প্রাথমিক পর্যায়ত তেওঁলোকে ‘সুবিধাজনক পৰিস্থিতিত’ আছে বুলি পশ্চিমী সংবাদমাধ্যমৰ দাবী । আজাৰবাইজানৰ বিৰুদ্ধে এইবাৰ খ্রিষ্টীয়ান-প্রধান আর্মেনিয়া দ্বাৰস্থ হ’ল নতুন দিল্লীৰ । সেই দেশৰ বিদেশ দপ্তৰৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে, ‘আমি ভাৰতৰ বৈদেশিক মন্ত্রী জয়শংকৰক অৱগত কৰিছো যে, আর্মেনিয়াৰ সার্বভৌমত্বত আঘাত হানাৰ চেষ্টা কৰা হৈছে ।’
নাগোৰনো-কাৰাবাখ অঞ্চলৰ দখল লৈ ২০২০ত দুই দেশৰ যুদ্ধত প্রায় ছহেজাৰৰো অধিক লোক নিহত হৈছিল । সেই সময়ত মস্কোৰ মধ্যস্থতাত সংঘর্ষ বিৰতি হৈছিল । কিন্তু এইবাৰ ইউক্রেইন সমস্যাত ব্যতিব্যস্ত ভ্লাদিমিৰ পুটিনৰ পক্ষত সেই ভূমিকা লোৱা সম্ভৱ নহয় বুলি কূটনীতি বিশেষজ্ঞসকলৰ একাংশই ধাৰণা কৰিছে ।
দেশীয় প্রযুক্তিত প্ৰস্তুত পিনাকাই কার্গিল যুদ্ধত ভাৰতৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা লৈছিল । ট্রাকৰ ওপৰত বহনযোগ্য ৯০ কিলোমিটাৰ পাল্লাৰ এই ক্ষেপণাস্ত্র সম্প্রতি লাদাখৰ প্রকৃত নিয়ন্ত্রণৰেখাত (এলএচি) সম্ভাব্য চিনা আগ্রাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ মোতায়েন কৰিছে ভাৰতীয় সেনাই । ডিআৰডিঅ’ এই ‘মাল্টিপল ৰকেট লঞ্চাৰ’এ মাত্র ৪৪ ছেকেণ্ডত একেলগে ৭২টা ক্ষেপণাস্ত্র নিক্ষেপ কৰিবলৈ সক্ষম হয় । এই ভাৰতীয় ক্ষেপণাস্ত্র আজাৰবাইজানৰ আক্ৰমণক বাধা প্ৰদান কৰিবলৈ আর্মিনিয়া ফৌজৰ গুৰুত্বপূর্ণ হাথিয়াৰ হ’ব পাৰে বুলি ধাৰণা কৰিছে সামৰিক পর্যবেক্ষকসকলৰ একাংশই ।