Shashi Tharoor : ‘মল্লিকার্জুন কংগ্রেছৰ ভীষ্ম পিতামহ, কিন্তু ম‌ই যুঁজিম’, মনোনয়ন দাখিল কৰি ক’লে থাৰুৰে

tharoor 1149611 1664525988

কংগ্রেছ সভাপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰা পিছুৱাই নাহে বুলি শুকুৰবাৰে জনায় প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা তিৰুঅনন্তপুৰমৰ কংগ্রেছ সাংসদ শশী থাৰুৰে । সম্ভাব্য প্রতিদ্বন্দ্বী মল্লিকার্জুন খড়্গেক উদ্দেশ্যি শুভেচ্ছা জনাই তেওঁ কয়, ‘‘মল্লিকার্জুনজি কংগ্রেছৰ ভীষ্ম পিতামহ । তেওঁৰ মনোনয়ন দাখিলক আদৰণি জনাইছো । দলৰ স্বার্থতেই একাধিক প্রার্থীৰ প্রয়োজন । ম‌ই কংগ্রেছ সভাপতি নির্বাচনৰ পৰা পিছুৱাই নাহো, কাৰণ ম‌ই কর্মীসকলক নিৰুৎসাহিত নকৰো ।’’

কংগ্রেছ সভাপতি নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে শুকুৰবাৰে মনোনয়ন দাখিল কৰে খড়্গেয়ে । তেওঁ গান্ধী পৰিয়াল অনুমোদিত প্রার্থী হ’ব বুলি দলৰ এটা সূত্রে জানিব পৰা গৈছে । আনহাতে, ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গহলৌতৰ পাছত কংগ্রেছৰ সভাপতি নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ কথা শুকুৰবাৰে ঘোষণা কৰে মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী দিগ্বিজয় সিঙে । মনোনয়নপত্র দাখিল কৰাৰ শেষ দিনত দিগ্বিজয়ে জনায়, তেওঁ খড়্গেকেই সমর্থন কৰিব ।

এনে পৰিস্থিতিত অহা ১৭ অক্টোবৰত কংগ্রেছৰ সভাপতি নির্বাচনত গান্ধী পৰিয়ালৰ ঘনিষ্ঠ খড়্গেৰ স’তে ‘জি-২৩’ গোষ্ঠীৰ সদস্য শশী থাৰুৰক প্রতিদ্বন্দ্বিতা কৰা দেখা যাব পাৰে বুলি ধাৰণা কৰা হৈছে । যদিও দলৰ এটা সূত্র‌ই জনাইছে, আঠ অক্টোবৰ পর্যন্ত মনোনয়ন প্রত্যাহাৰৰ সময় আছে । তাৰ পূৰ্বে গান্ধী পৰিয়ালৰ পছন্দৰ প্রার্থীৰ বাহিৰে অন্যান্যসকলে (অর্থাৎ থাৰুৰ) মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰে ।

কংগ্রেছত ‘বিক্ষুব্ধ গোষ্ঠী’ হিচাপে পৰিচিত জি-২৩ গোষ্ঠীৰ নেতা মণীশ তিৱাৰি, ভূপিন্দৰ সিং হুডা, পৃথ্বীৰাজ চহ্বাণে বৃহস্পতিবাৰে দিল্লীত আনন্দ শর্মাৰ বাসগৃহত বৈঠকত মিলিত হয় । শৰ্মাই সেই বৈঠকৰ পাছত দিল্লীৰ জোধপুৰ হাউছত গহলৌতক লগ কৰিবলৈ যায় । সূত্রৰ খবৰ, জি-২৩-ল এজন নেতাই নির্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে । তেওঁ থাৰুৰ হয় নে নহয়, সেয়াও শুকুৰবাৰে স্পষ্ট হোৱাৰ সম্ভাৱনা ।

প্রসংগত, ২০২০-ৰ আগষ্টত কংগ্রেছৰ ভিতৰতে ‘সুনেতৃত্বৰ অভাৱ আৰু সাংগঠনিক সমস্যা’ দাঙি ধৰি অন্তর্বর্তী সভানেত্রী ছোনিয়াক পত্ৰ প্ৰেৰণ কৰিছিল ২৩ জন নবীন আৰু প্রবীণ নেতাই । দাবী উত্থাপন কৰিছিল, দলত স্থায়ী সভাপতি নির্বাচনৰ ।

লগতে, ‘হাইকমাণ্ডৰ’ কর্মপদ্ধতিকলৈও প্রশ্ন উত্থাপন কৰিছিল তেওঁলোকে । দলৰ ভিতৰত সেই ‘বিদ্রোহী ২৩’ (যিসকল গ্রুপ-২৩ বা জি-২৩ নামে পৰিচিত)–ৰ ভিতৰতেই আছে থাৰুৰ । গুলাম নবি আজাদ, কপিল ছিব্বল, জিতিন প্রসাদৰ দৰে জি-২৩-ৰ নেতাসকলৰ কিছুসংখ্যকে ইতিমধ্যে কংগ্রেছ ত্যাগ কৰিছে ।

Exit mobile version