আপোনাৰ ব্লাড চুগাৰ আছে ! হাজাৰ ঔষধ খায়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই !

কিন্তু এইবিধ ফুলে আপোনাক চমকপ্ৰদ ফল দিব !

paneer ke

মধুমেহ ৰোগ হৈছে এনে এবিধ ৰোগ, যি ৰোগ হাজাৰ ঔষধ খায়ো নিৰাময় কৰিব নোৱাৰি । অৱশ্যে সঠিক সময়ত চিকিৎসা কৰিলে নিয়ন্ত্ৰণত ৰাখিব পাৰি । এই মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাৰ এটা প্ৰাকৃতিক উপাদান হৈছে পনিৰ ফুল । প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ প্ৰীতিকা মজুমদাৰে এই সন্দৰ্ভত উল্লেখ কৰিছে যে, পনিৰ ফুল হৈছে এবিধ বনৰীয়া ফুল আৰু এই ফুলৰ উৎপত্তি ভাৰততেই হয় । ভাৰতত এই ফুলক ৰেনেট নামেৰেও জনা যায় ।

আকৌ কিছু কিছু অঞ্চলত পনিৰৰ ফুল, পনিৰ ডোডা নামেৰেও জনাজাত । ইয়াৰ স্বাদ মিঠাইৰ দৰে হোৱাৰ লগতে এই ফুলে মানুহৰ মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । আজি কালি মধুমেহ ৰোগ এক সাধাৰণ ৰোগ হৈ পৰিছে যদিও সঠিক সময়ত উপযুক্ত চিকিৎসা নকৰিলে ই কিন্তু মাৰত্মক হৈ উঠিব পাৰে । মধুমেহ ৰোগীৰ সংখ্যা দিনক-দিনে বৃদ্ধি পাইছে । এই ৰোগক শৰীৰৰ বিপাকীয় ৰোগৰ মূল হিচাবে বিবেচনা কৰা হয় যিহেতু ই তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে ।

প্ৰকৃতি বিশেষজ্ঞা মজুমদাৰৰ মতে, পনিৰ ফুলে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে । অৱশ্যে, এটা কথা ঠিক যে, মধুমেহ ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাযায় । তথাপি এই ফুলে শৰীৰত ইনছুলিনৰ কাম কৰে আৰু ভালকৈ প্ৰয়োগ কৰিলে মানুহৰ অগ্ন্যাশয়ৰ বিটা কোষ বিলাকক আতৰাই পঠোৱাত সহায় কৰে । যদি আপুনি প্ৰতিদিনে অলপ পৰিমাণে পনিৰ ফুল গ্ৰহণ কৰে , তেন্তে ই ইনছুলিৰ ভাৰসাম্য বজাই ৰাখে ।

এই ফুলত ইমানেই উপকাৰী গুণ পোৱা গৈছে যে, যি স্বাস্থ্য ৰক্ষাৰ বাবে খুবেই ফলদায়ক ৰূপে বিবেচিত হৈছে । কেৱল মধুমেহ ৰোগেই নহয় ই মানুহৰ অনিদ্ৰা, শিৰা-উপ শিৰাৰ ব্যৱস্থাকো সুস্থ কৰি ৰাখে ।

এই ফুলৰ ব্যৱহাৰ কৰাটোও সহজ । ৰাতি শুৱাৰ পূৰ্বে এটা পানীৰ গিলাচত ১০ ৰ পৰা ১২ পাহ মান ফুল ৰাখি থব লাগে । ৰাতিপুৱা শুই উঠি খালী পেটত চেকি লোৱা পানীখিনি খাব লাগে । প্ৰকৃততে এই ফুলৰ ৰসে মানুহৰ মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত অভূতপূৰ্ব সহাৰি দিয়া পৰিলক্ষিত হৈছে ।

বি:দ্ৰ: ওপৰোক্ত লিখনীটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত যদিও কোনো জটিল ৰোগ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই আৱশ্যক ।

Exit mobile version