ধুবুৰীৰ নাও দুৰ্ঘটনাই সন্ধানহীন হৈ থকা ৰাজহ চক্ৰ বিষয়াৰ মৃতদেহ উদ্ধাৰ

WhatsApp Image 2022 10 02 at 13.56.55

২৯ ছেপ্টেম্বৰত ধুবুৰীত হোৱা নাও দুৰ্ঘটনাত কে’বাজন লোকৰ সৈতে সন্ধানহীন হৈ থকা চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ ।

ADVERTISEMENT

ঘটনা সংঘটিত হোৱা দিন ধৰি এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছিল যদিও আজি চতুৰ্থ দিনা বিষয়া গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, ঘটনাস্থলীৰ পৰা এক কিলো মিটাৰ আঁতৰত উদ্ধাৰ হৈছে বিষয়া গৰাকীৰ মৃতদেহ ।

ইফালে এই নাও দুৰ্ঘটনাৰ পিছতেই ধুবুৰী জিলাৰ উপায়ুক্তই কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ।

নিৰ্দেশনা অনুসৰি, নাও বা ফেৰীত অধিক যাত্ৰী উঠোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে লাইফ জেকেট, অগ্নি নিৰ্ব্বাপক যন্ত্ৰ,ফাৰ্ষ্ট এইড বক্স আদি থাকিব লাগিব ।

Exit mobile version