COVID-19 : মাস্ক পৰিধান নকৰিলেও আৰু জৰিমনা ভৰিব নালাগে, কৰ’নাৰ প্ৰকোপ কমোতেই নিয়ম শিথিল হ’ল দিল্লীত

images 3

প্ৰকোপ কমিছে কৰ’না ভাইযাছৰ । বহু স্থবিৰ হৈছে অতিমাৰী-পর্ব । পুনৰ লাহে লাহে স্বাভাৱিক গতিত ঘূৰি আহিছে সমগ্ৰ দেশ । সংক্রমণৰ লেখচিত্র ক্রমশ নিম্নমুখী । এনে পৰিস্থিতিত মাস্ক পৰিধান কৰাৰ নিয়ম শিথিল কৰা হ’ল দিল্লীত । জনসমক্ষত মাস্ক পৰিধান নকৰিলেও জৰিমনা ভৰিব নালাগে । এই সিদ্ধান্ত দিল্লী প্রশাসনৰ ।

কৰ’না সংক্রমণ ৰোধ কৰিবলৈ মাস্ক পৰিধান কৰাত জোৰ দিছিল দিল্লী প্রশাসনে । জনসমক্ষত মাস্ক পৰিধান নকৰিলে পাঁচশ টকা জৰিমনা বিহাৰ সিদ্ধান্ত লোৱা হৈছিল । চলিত বছৰৰ এপ্রিলত কৰ’না সংক্ৰমণ বৃদ্ধি পোৱাত নতুনকৈ এই পদক্ষেপ লৈছিল প্রশাসনে । পৰিস্থিতি সলনি হোৱাৰ পাছতেই সেই নিয়ম শিথিল কৰা হ’ল ।

সং‌বাদ সংস্থা সূত্রে খবৰ, দিল্লী দুৰ্যোগ প্ৰশমন বিভাগৰ এটা বৈঠকত জৰিমনা প্রত্যাহাৰৰ বিষয়ত সিদ্ধান্ত লোৱা হয় । ৰাজধানীত কৰ’না সংক্রমণ বহু পৰিমাণে নিয়ন্ত্রণত আছে । মঙলবাৰে দিল্লীত সংক্রমিত হৈছিল ৭৪ জন । তাৰ পাছতেই এই সিদ্ধান্ত লোৱা হ’ল ।

দেশতো কৰ’না সংক্রমণ হ্ৰাস পাইছে । মঙলবাৰে ভাৰতত এদিনত কৰ’নাত আক্রান্তৰ সংখ্যা আছিল ১৯৬৮ । নতুনকৈ ১৫ জনৰ মৃত্যু হৈছে । কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ বুষ্টাৰ টিকা দিয়া পূৰ্বেই আৰম্ভ হৈছে । কৰ’নাৰ সংক্ৰমণ কমি যোৱাৰ বাবে মাস্ক পৰিধান কৰাৰ প্রৱণতা বহুলাংশে কমিছে । বাট-পথত অধিকাংশ লোকেই মাস্ক পৰিধান নকৰাকৈয়ে ওলাইছে । এনে পৰিস্থিতিত দিল্লী চৰকাৰে এই সিদ্ধান্ত ল’লে ।

Exit mobile version