আলফা নেতা অনুপ চেতিয়াৰ কন্যাক বিয়া দিলে বাংলাদেশৰ যুৱকলৈ

চেতিয়াৰ কন্যাৰ বিবাহ অনুষ্ঠান হ'ব ২৫ নৱেম্বৰত মেলবৰ্ণত

WhatsApp Image 2022 10 06 at 17.13.36

আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াই নিজ কন্যা বন্যা বৰুৱাক বিয়া দিলে বাংলাদেশৰ যুৱকলৈ। ইতিমধ্যে সদ্য সমাপ্ত দুৰ্গাপূজাৰ সময়তে বিবাহকাৰ্য সম্পন্ন হয় অনুপ চেতিয়া কন্যা বন্যাৰ। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ ইস্কন মন্দিৰত ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব চেতিয়াৰ কন্যাৰ বিবাহৰ অনুষ্ঠান৷ বাংলাদেশৰ সংবাদ মাধ্যমে সদৰি কৰা মতে মেলবৰ্ণত চাকৰি কৰা বাংলাদেশৰ কুমিল্লাৰ অনিৰ্বাণ চৌধুৰী নামৰ বঙালী যুৱক এজনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অনুপ চেতিয়া তনয়া বন্যা।

বাংলাদেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বাংলাদেশত পৰিয়াল সহ থকা অৱস্থাত অনুপ চেতিয়াৰ কন্যা বন্যাই পঢ়িছিল ঢাকাৰ ধানমণ্ডিৰ মাষ্টাৰ মাইণ্ড ইণ্টাৰনেচনেল স্কুলত ৷ পঢ়ি থকা কালতে বন্যাই চিনাকি হৈছিল অৰ্নিবাণ চৌধুৰীৰ সৈতে৷ তেওঁলোকৰ মাজত প্ৰেমৰ গঢ়ি উঠিছিল সম্পৰ্ক । পৰৱৰ্তী সময়ত দুয়োটি পৰিয়াল একলগ হৈ বিয়াৰ দিন-বাৰ থিক কৰে ৷

Exit mobile version