আইএএফত অন্তৰ্ভুক্ত প্ৰথম থলুৱা যুঁজাৰু হেলিকপ্টাৰ ‘প্ৰচণ্ড’

WhatsApp Image 2022 10 06 at 15.12.03

ৰাজস্থানৰ যোধপুৰত ভাৰতীয় বায়ু সেনাত থলুৱাভাৱে নিৰ্মিত ‘প্ৰচণ্ড’ নামৰ প্ৰথমখন থলুৱা যুঁজাৰু হেলিকপ্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰত প্ৰথমখন দেশীয়ভাৱে বিকশিত লাইট কমবেট হেলিকপ্টাৰ (এলচিএইচ)ৰ এই অন্তৰ্ভুক্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উপস্থিত আছিল।

লাইট কমবেট হেলিকপ্টাৰ বায়ু সেনাক হস্তান্তৰ কৰাৰ আগতে, ইয়াত এক সভাৰ আয়োজন কৰা হৈছিল য’ত চাৰিওটা সম্প্ৰদায়ৰ ধৰ্মীয় গুৰুসকল উপস্থিত আছিল। কাৰ্যসূচীৰ পিছত, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰচণ্ডত বিমানউৰণ কৰে ৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বায়ু সেনাত এলচিএইচ অন্তৰ্ভুক্ত কৰাৰ বাবে নৱৰাত্ৰিতকৈ ভাল সময় আৰু ৰাজস্থানৰ মাটিতকৈ ভাল ঠাই থাকিব নোৱাৰে। এলচিএইচ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে, বায়ু সেনাৰ শক্তি বৃদ্ধি পাব। দেশৰ থলুৱা প্ৰযুক্তিৰ বাবে গৌৰৱান্বিত। ভাৰতৰ বিজয় ৰথ সাজু। এলচিএইচ-এ সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু শত্ৰুসকলক সহজে ফাঁকি দিব পাৰে, তেওঁ লগতে কয়।

যোধপুৰ এয়াৰবেছত অন্তৰ্ভুক্তি অনুষ্ঠানত প্ৰতিৰক্ষা কৰ্মচাৰীপ্ৰধান জেনেৰেল অনিল চৌহান আৰু আইএএফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী উপস্থিত আছিল। এই হেলিকপ্টাৰসমূহ অন্তৰ্ভুক্ত কৰিলে আইএএফৰ যুঁজৰ দক্ষতাক এক ডাঙৰ উৎসাহ প্ৰদান কৰিব, ৰাজনাথে আগতে তেওঁৰ টুইটত কৈছিল।

Exit mobile version