Draupadi Murmu : ৰাষ্ট্রপতি দ্রৌপদী মুৰ্মু সম্পর্কে অপমানসূচক মন্তব্যৰ অভিযোগত কংগ্রেছ নেতালৈ মহিলা কমিছনৰ জাননী প্ৰেৰণ

WhatsApp Image 2022 10 06 at 20.41.33

Draupadi Murmu : ৰাষ্ট্রপতি দ্রৌপদী মুর্মু সম্পর্কে অৱমাননাকৰ মন্তব্যৰ অভিযোগত কংগ্রেছৰ দলিত নেতা উদিত ৰাজক জাননী প্ৰেৰণ জাতীয় মহিলা কমিছনৰ । বৃহস্পতিবাৰে কমিছনৰ মুৰব্বী ৰেখা শর্মাই এই ঘোষণা কৰি কয়, ‘‘তেওঁৰ (উদিত) মন্তব্য কেৱল এগৰাকী নাৰীৰ বিৰুদ্ধে নহয়, এটা সাংবিধানিক চৰকাৰৰ প্রধানৰ বিৰুদ্ধে । নাৰী হোৱাৰ বাবেই ৰাষ্ট্রপতিক লক্ষ্য কৰা হৈছে নেকি ? এই নিন্দনীয় মন্তব্যৰ বাবে আমি জাননী জাৰি কৰিছো । এনে অৱমাননাকৰ ভাষাৰ ব্যৱহাৰ লজ্জাজনক ।’’

বিজেপিৰ বিৰুদ্ধেও ‘দেশৰ প্রথম জনজাতি সম্প্রদায়ৰ ৰাষ্ট্রপতি’ৰ বিৰুদ্ধে অসম্মানজনক মন্তব্যৰ বাবে কংগ্রেছক আক্রমণ কৰা হৈছে । যদিও কংগ্ৰেছ নেতাগৰাকীয়ে বৃহস্পতিবাৰে কয়, ‘‘টুইটাৰত আমাৰ মন্তব্য একান্তই ব্যক্তিগত । ইয়াৰ লগত দলীয় অৱস্থানৰ কোনো সম্পর্ক নাই ।’’ প্রসংগত, ২০১৪ৰ লোকসভা নিৰ্বাচনত দিল্লীৰ পৰা বিজেপিৰ টিকিটত জয়ী হৈছিল উদিত ৰাজ । ২০১৯ত তেওঁ কংগ্রেছত যোগ দিছিল ।

সম্প্রতি গুজৰাটত এটা অনুষ্ঠানত ৰাষ্ট্রপতিয়ে কয়, ‘‘দেশৰ ৭৬ শতাংশ লৱণ গুজৰাটত উৎপন্ন হয় । সেয়ে ক’ব পাৰি যে, সমগ্ৰ ভাৰতেই গুজৰাটৰ নিমখ খায় ।’’ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰাজ্যৰ সুখ্যাতি কৰি ৰাষ্ট্রপতিৰ সেই মন্তব্যৰ সমালোচনা কৰিছিল কংগ্ৰেছ নেতা ৰাজে । তেওঁ টুইটাৰত লিখিছিল, ‘‘কোনো দেশতেই দ্রৌপদী মুর্মুজিৰ দৰে ৰাষ্ট্রপতি থকা উচিত নহয় । স্তাৱকতাৰ এটা সীমা থকা উচিত । কৈছে ৭০ শতাংশ লোকে গুজৰাটৰ নিমখ খায় । নিজে নিমখ খাই জীৱন যাপন কৰিলে বুজিলেহেঁতেন ।’’

Exit mobile version